স্বাস্থ্যৱান হৈ থাকিবলৈ আমি কণী খাওঁ, কিন্তু ইয়াৰ অত্যধিক সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক, জানো আহক কেনেকৈ?

Kakali Deka November 09, 2023

ডিজিটেল ডেস্ক: স্বাস্থ্যৱান হৈ থাকিবলৈ আমি বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য গ্রহণ কৰো, এই পুষ্টিকৰ খাদ্যৰ তালিকাত এটা কণীও অন্তৰ্ভুক্ত হৈ থাকে, কাৰণ কণীত বহু প্ৰকাৰৰ পুষ্টি পোৱা যায়। বহু লোকে দিনত দুটা বাঅধিক কণী সেৱন কৰা দেখা যায়। কিন্তু কণী আমাৰ স্বাস্থ্যৰ বাবে উপযোগী যদিও অত্যধিক কণী সেৱনে স্বাস্থ্যৰ


ওপৰত বিৰূপ প্ৰভাৱ পেলায়। গতিকে জানো অত্যধিক কণী সেৱনৰ ফলত হোৱা কিছুমান ক্ষতিৰ বিষয়ে কণীত যথেষ্ট পৰিমাণে কলেষ্টেৰল পোৱা যায়। দিনে এটা বা দুটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী, কিন্তু ইয়াতকৈ অধিক কণী খাব বিচাৰিলে কেৱল কণীৰ বগা অংশহে খাব লাগে। কাৰণ অধিক কণী সেৱনে শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে।
কণীৰ অত্যধিক সেৱনে শৰীৰত ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে। কণীত যথেষ্ট পৰিমাণে কলেষ্টেৰল আছে, সেয়েহে শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাৰ লগতে আমাৰ শৰীৰত চেনিৰ স্তৰো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। যদিহে চেনিৰ লগতে কণী খোৱা নিয়ন্ত্রণ কৰা নহয়, ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হয়।


কণীত চৰ্বি পোৱা যায়। যদিহে অধিক মাত্ৰাত কণী গ্রহণ কৰা হয়, শৰীৰে কেলৰি গ্ৰহণৰ ভাৰসাম্য বজাই ৰাখিব নোৱাৰা হয় ফলত ওজন বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। সেয়েহে অত্যধিক কণী সেৱন কৰিলে পোনপটীয়াভাৱে শৰীৰৰ ওজনত প্ৰভাৱ পৰে।

কণীত প্ৰ'টিন থাকে বাবে যথেষ্ট গৰম হয়। সেয়েহে কণী
খোৱাৰ পাছত হজম হোৱাৰ লগে লগে শৰীৰত তাপ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। অত্যধিক কণী সেৱনে পাকস্থলীৰ সম্পর্কিত সমস্যাৰ উদ্ভৱ কৰে। ইয়াৰ ফলত বমি, পেটৰ বিষ, ডিঙিৰ বিষ আদিৰ সমস্যাই দেখা দিয়ে।

Share This