ডিজিটেল ডেস্ক : 'বি টি চিত এইবাৰ আমি যুঁজত নামিম, ৰাইজৰ আশীর্বাদেৰে আমি জয়ীও হ'ম।'-ওদালগুৰিত মঙলবাৰে অনুষ্ঠিত কংগ্ৰেছৰ এক দলীয় কর্মীসভাত এনেদৰে কয় অসম প্রদেশ কংগ্ৰেছৰ সভাপতি, সাংসদ গৌৰৱ গগৈয়ে। বিজেপি, ইউ পি পি এলে পৰিৱৰ্তনৰ কথা ক'লেও আমি বহু ঠাই ঘূৰি ফুৰি গম পাইছোঁ যে অসমৰ ৰাইজৰ এতিয়াও বহু সমস্যা আছে বুলি উল্লেখ কৰি কয়, 'জলজীৱন মিছনৰ খোৱা পানীৰ পাইপ আছে, পানীহে নাই। স্বাস্থ্য বিভাগৰ চিকিৎসালয়ত এক্সৰে, এম আৰ আই মেচিন আছে কিন্তু কামহে নাই। এনেকৈয়ে চলি আছে ৰাইজক শ'লঠেকত পেলাই চৰকাৰৰ কিছুমান গুৰুত্বপূৰ্ণ বিভাগ। বিধায়ক ভুৱন পেগুৰ ২০০ কোটি টকীয়া কেলেংকাৰিৰ কথাই চৰকাৰৰ দুর্নীতি উদঙাই দিয়ে বুলি দোহাৰি তেওঁৰ ইনষ্ট্ৰাগ্ৰামত কেলেংকাৰিৰ কথা উল্লেখ কৰাত প্রায় ১,২ লাখ দৰ্শকৰ সমাদৰ পোৱাত সন্তুষ্টি লাভকৰে গগৈয়ে।
শান্তিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত অসমত আজি সাংবাদিকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। ঢেকীয়াজুলি, চিলাপথাৰত সাংবাদিক হত্যাৰ প্ৰচেষ্টাই চৰকাৰৰ আমোলত মাফিয়াৰাজ চলি থকাটো প্রকট কৰে বুলি আক্ষেপ কৰি দোষী ব্যক্তিক শ্রীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াটো অত্যন্ত জৰুৰী বুলি সভাপতি গগৈয়ে কয়। গগৈৰ পিতৃয়ে ১৫ বছৰে শাসন কৰাৰ পাছতো তেওঁক, পৰিয়ালক চেনেল, বৃহৎ প্রতিষ্ঠান আদি একো নিদি নিঃস্বার্থভাৱে ৰাইজৰ সেৱা কৰি অহাৰ দৰে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো ১০ বছৰে ভালদৰে কাম কৰিব পৰা হ'লে অসমৰ আৰু উন্নয়ন হ'লহেঁতেন বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।
বিজেপি চৰকাৰে আজি উন্নয়নৰ নামত বহিঃ ৰাজ্যৰ বৃহৎ কোটিপতি ব্যৱসায়ী আম্বানি-আদানি গ্রুপক হেলাৰঙে মাটি এৰি দিছে। কিন্তু, অসমৰ মানুহে ৬-৮ বিঘা মাটিৰ বাবে সংগ্রাম কৰিবলগীয়া হোৱাৰ লগতে ম্যাদী পট্টাৰ পৰাও বঞ্চিত হোৱাটো কেতিয়াও প্রকৃত উন্নয়ন হ'ব নোৱাৰে বুলি সভাপতি গগৈয়ে লগতে আক্ষেপ কৰে। বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰাংগণত জিলা সভাপতি ধনেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্রীয়, জিলাৰ, বুথ কমিটীৰ বিষয়ববীয়া, সদস্যসকল উপস্থিত থাকে। ইয়াৰ আগেয়ে গগৈয়ে ওদালগুৰি সত্ৰত সেৱা জনাই গোৰ্খা ভৱনত জনগোষ্ঠীৰ নেতা-কর্মীৰে মত বিনিময় কৰি ৰোগাক্রান্ত পৌৰেলৰ স্বাস্থ্যৰ বুজ লয়।