ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পশ্চিম বংগ আৰু তামিলনাডু বিধানসভাৰ নির্বাচনত বিপুল সংখ্যক ভোটদান হয়। পশ্চিম বংগ বিধানসভাৰ ২৯৪খন আসনৰ ভিতৰত বৃহস্পতিবাৰে ১৫২খন আসনৰ বাবে হোৱা প্রথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৯২.৭৯ শতাংশ।
ইফালে তামিলনাডু বিধানসভাৰ ২৩৪খন আসনৰ বাবে একেটা পৰ্যায়তে বৃহস্পতিবাৰে হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৫.১৪ শতাংশ। দুয়োখন ৰাজ্যৰে নিৰ্বাচনী ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে সর্বাধিক ভোটদান হয়। পশ্চিম বংগত ভোটদানৰ হাৰে অভিলেখ সৃষ্টি কৰাৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে কয়, 'বংগৰ জনতাই এছ আই আৰৰ বিৰুদ্ধে বিপুল সংখ্যক ভোটদান কৰিলে।'
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভোটদানৰ হাৰ বেছি হোৱাৰ অৰ্থ হৈছে জনসাধাৰণে পৰিৱৰ্তনৰ বাবে ভোট দিছে। ইয়াৰ আগতে যোৱা ৯ এপ্রিলত অসম, কেৰালা আৰু পুডুচেৰীতো ভোটদানৰ হাৰে অভিলেখ সৃষ্টি কৰিছিল। অসমৰ ইতিহাসত সর্বাধিক ৮৫.৯১ শতাংশ, পুডুচেৰীত ৯০ শতাংশ আৰু কেৰালাত ১৯৮৭ চনৰ পাছত সর্বাধিক ৭৮.২৭ শতাংশ ভোটদান হৈছিল।
উল্লেখযোগ্য যে এই পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফল একেলগে অহা ৪ মে'ত ঘোষণা কৰা হ'ব। আনহাতে পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব ২৯ এপ্রিলত।