খজুৱতিৰ পৰা ৰক্ষা পাবলৈ আপুনি কি কৰিব ?
Dainik Janambhumi
August 08, 2024
মধুমিতাৰ একলম ......
ডিজিটেল ডেস্কঃ বহুতে কৈ আছে বানপানীত লেতেৰা পানী গচকি ঘৰ আহিব লগা হৈছে। এতিয়া খজুৱতি হৈছে আৰু ছাল ক'লা পৰিছে। কি কৰিলে ভাল হ’ব তাকে লৈ চিন্তা। শাওণ-ভাদ মাহত বৰষুণ দিয়াটো স্বাভাৱিক।বৰষুণ দিলে য’তে ত’তে পানী জমা হৈ জনসাধাৰণৰ এনে আলৈ আথানি হোৱাৰ বাবে বৰষুণ বা ঈশ্বৰ দায়ী নহয়। লেতেৰা পানী গচকিলে ছালৰ ক্ষতি হয় আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ছালৰ যত্ন লওঁ আহক.....
১. লেতেৰা পানীৰে অহা যোৱা কৰিব লগা হ’লে প্ৰথমে ভৰিহাল পানী আৰু চাবোনেৰে ভালদৰে ধুব
২. নিমখ-সৰিয়হ তেল মিহলাই ঠাই খিনিত লগাই ঘহিব আৰু পানীৰে ধুব।
৩.নিমপাত, পচতীয়া, পদিনাৰে তৈয়াৰী লা নীম গাখীৰৰ লগত মিহলাই ৫-১০ মিনিট লগাই পানীৰে ধুব।
৪. কথনা ফুল , দোৰোণ ফুল আৰু ব্ৰাহ্মী ফুলেৰে তৈয়াৰী কথনা ট'নাৰ লগাব।
৫. পদিনা, বিৰিণাৰ শিপা আৰু ছালকুঁৱৰীৰে তৈয়াৰী ছালকুঁৱৰী জেল লগাব।
আটাইখিনি কেইদিনমান লগালেই সুফল পাব। ইচ্ছা কৰিলে উল্লিখিত দ্ৰব্য সমুহ নিজে সংগ্ৰহ কৰি লগাব পাৰে। সংগ্ৰহ কৰি থাকিবলৈ বহুতৰ বাবে সম্ভৱ নহ’ব পাৰে বাবে ছিগনেশ্বাৰ বিউটিৰ দ্বাৰা থলুৱা বনৌষধিৰে তৈয়াৰ কৰি আপোনাৰ সুবিধাৰ বাবে এই প্ৰডাক্ট বজাৰত মুকলি কৰি দিয়া হৈছে। যাৰ বাবে বহু থলুৱা খেতিয়ক,মহিলা আৰু যুৱক - যুৱতীয়ে সংস্থাপন পাইছে।
Share This