আনাৰসে আমাক কি কি বেমাৰৰ পৰা ৰক্ষা কৰে জানো আহক

Kakali Deka August 24, 2023

ডিজিটেল ডেস্ক: গৰমৰ দিনত আপোনাৰ শৰীৰটো যদি ঠাণ্ডা কৰি ৰাখিব বিচাৰে, তেন্তে আপুনি আনাৰসৰ ৰস খাওক। আনাৰস আমাৰ শৰীৰৰ বাবে লাগতিয়াল সকলোবোৰ ভিটামিন, খনিজ তথা পুষ্টি থাকে। গৰমৰ দিনত এই ফল খোৱাৰ বহুতো স্বাস্থ্যৰ উপকাৰিতা আছে।  জানো আহক সেই বিষয়ে -

* গ্ৰীষ্মকালত আনাৰস খালে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া শক্তিশালী কৰে। ই এণ্টিবায়টিকৰ প্ৰভাৱ বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
* আনাৰসৰ ৰসত ব্ৰোমেলাইন থাকে, যি হজম কৰাত সহায় কৰিব পাৰে। ডায়েৰিয়া সৃষ্টিকাৰী বেক্টেৰিয়াৰ পৰাও ই আমাক সুৰক্ষা দিব পাৰে
* আনাৰসত থকা মেঙ্গানিজ, তাম, ভিটামিন-বি ৬ আৰু চি-ৰ দৰে পুষ্টিয়ে হাড়ৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা, শক্তি উৎপাদনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই আইৰণ, কেলচিয়াম, ফছফৰাছ, জিংক, কোলিন, ভিটামিন-কে আৰু ভিটামিন বি সমৃদ্ধ।
* আনাৰসত এণ্টি-অক্সিডেণ্ট আৰু ভিটামিন চি থাকে, যিয়ে আপোনাক কাৰ্ডিওভাস্কুলাৰ ৰোগৰ পৰা সুৰক্ষিত কৰে। উচ্চ ৰক্তচাপৰ  সমস্যাত পৰা লোকসকলেও আনাৰস খাব লাগে। ই হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।

Share This