অৰ্জুন গছৰ ছালৰ কেইটামান আচৰিত গুণ জানো আহক! এই গুণসমূহে আপোনাক সুস্থ ৰখাত সহায় কৰিব

Kakali Deka August 19, 2023

ডিজিটেল ডেস্কঃ অৰ্জুন গছৰ ছালৰ গুড়ি হৃদৰোগীৰ বাবে অমৃত সদৃশ। হৃদৰোগীৰ বিভিন্ন ৰোগৰ বাবে ই মহৌষধী হয় 

১.হৃদৰোগৰ পৰা দূৰত ৰাখেঃ  অর্জুন গছৰ ছালে হার্টক ভালে ৰখাৰ ভূমিকা পালন কৰে। হার্টৰ সুৰক্ষাৰ বাবে অর্জুন গছৰ ছাল গোটেই ৰাতি পানীত ভিজাই থৈ পিছদিনা বটি গাখীৰত মিহলাই খাওক।

২.হজম ক্ষমতা বৃদ্ধিত সহায়ঃ  অর্জুন গছৰ ছালে হজম ক্ষমতা বৃদ্ধিত সহায় কৰে। যিসকলৰ এই সমস্যা আছে হজমৰ তেওঁলোকে নিশা শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীত অর্জুন গছৰ ছালৰ গুড়ি মিহলাই খাওক। ইয়াৰ ফলত হজমৰ সমস্যাৰ পৰা আপুনি মুক্তি পাব আৰু হজম ক্ষমতা বাঢ়িব।

৩.লিভাৰৰ সমস্যাঃ অর্জুন গছৰ ছালে লিভাৰক ভালে ৰখাত সহায় কৰে। লিভাৰক ভালে ৰাখিবলৈ হ’লে অর্জুন গছৰ ছাল ব্যৱহাৰ কৰক। এই গছৰ ছালৰ গুড়ি পানীত ভিজাই পিছদিনা সেই পানী খাওক। ই লিভাৰচিৰচিছৰ টনিক হিচাবে কাম কৰে। যিয়ে আমাৰ লিভাৰক সুস্থ কৰি ৰাখে ।

৪.কেন্সাৰ প্রতিৰোধত সহায়ঃ অর্জুন গছৰ ছালত থাকে গেলিক এচিড আৰু লুটেনোনিন যিয়ে কেন্সাৰৰ কোষ বৃদ্ধি কমোৱাত সহায় কৰে। সেয়ে কেন্সাৰ প্রতিৰোধত অর্জুন গছৰ ছাল অতি উপকাৰী।

Share This