পাইকাৰী মুদ্রাস্ফীতি ১.৮১% লৈ বৃদ্ধি

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক : খুচুৰা মুদ্রাস্ফীতিৰ পাছত জানুৱাৰীত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পায়। কেন্দ্রীয় বাণিজ্য মন্ত্রালয়ে কালি প্রকাশ কৰা তথ্যৰ পৰা জানিব পৰা মতে জানুৱাৰী মাহত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ বিগত দহ মাহৰ ভিতৰত সৰ্বাধিক। নতুন বছৰৰ প্ৰথম মাহটোত খাদী সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক উৎপাদিত সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পায়। ইয়াৰ প্ৰভাৱ দেখা পোৱা যায় পাইকাৰী মুদ্রাস্ফীতিৰ হাৰত। পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ একেৰাহে তৃতীয় মাহ বৃদ্ধি পায় আৰু জানুৱাৰীত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ১.৮১% হয়গৈ। ইয়াৰ আগতে ডিচেম্বৰত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ০.৮৩%। 

 

আনহাতে, যোৱা বছৰ জানুৱাৰীত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ২.৫১% আছিল আৰু এপ্ৰিলত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ০.৮৫%। বাণিজ্য মন্ত্র্যালয়ে প্রকাশ কৰা তথ্যৰ পৰা জানিব পৰা মতে, যোৱা মাহত খাদ্য সামগ্ৰী আৰু বস্ত্ৰৰ লগতে আন সামগ্ৰী তথা নির্মাণ খণ্ডৰ সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পায়। উদ্যোগ মন্ত্র্যালয়ে প্রকাশ কৰা পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাৰ অন্যতম প্রধান কাৰণ হ'ল মূল ধাতুৰ উৎপাদন, অন্য উৎপাদিত সামগ্ৰী, খাদ্যৰ তালিকাত নপৰা সামগ্ৰী তথা বস্ত্ৰ আদিৰ দাম বৃদ্ধি পোৱাটো। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ডিচেম্বৰৰ ০.২১%ৰ পৰা বৃদ্ধি পাই যোৱা মাহত ২.২১%, খাদ্য সামগ্ৰীৰ -০.৪৩%ৰ পৰা বৃদ্ধি পাই ১.৫৫% হয়গৈ। 

 

অৱশ্যে এই সময়ছোৱাত ইন্ধন আৰু শক্তিৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ-২.৩১%ৰ পৰা হ্রাস পাই-৪.০১% হয়। কিন্তু ঔদ্যোগিক আৰু নিৰ্মাণখণ্ডৰ সৈতে জড়িত উৎপাদিত সামগ্ৰীৰ দাম ১.৮২%ৰ পৰা বৃদ্ধি পাই ২.৮৬% হয়গৈ। উল্লেখযোগ্য যে যোৱা সপ্তাহত প্রকাশ কৰা তথ্য মতে জানুৱাৰীত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আঠ মাহৰ ভিতৰত সৰ্বাধিক হয়। জানুৱাৰীত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আছিল ২.৭৫%।

Share This