কিয় এনে হ’ল ?

Dainik Janambhumi August 07, 2024

ডিজিটেল ডেস্কঃ ‘বিনাশ কালে বুদ্ধি নাশ’ বুলি এষাৰ কথা আছে৷ বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ক্ষেত্ৰতো তেনে এক অৱস্থাই হোৱা বুলি ধাৰণা কৰিব পাৰি৷ সাত শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য যে হাছিনা নেতৃত্বাধীন ১৬ বছৰীয়া চৰকাৰখনৰ আমোলত বাংলাদেশে এক সম্পূৰ্ণ নতুন ৰূপ ধাৰণ কৰিছিল৷ ঈৰ্ষণীয়ভাৱে অৰ্থনৈতিক প্ৰগতি লাভ কৰিছিল দেশখনে৷ বিশ্বত সন্মান বৃদ্ধি পাইছিল বাংলাদেশৰ৷ তেনে এগৰাকী নেত্ৰী কিয় জনৰোষৰ বলি হ’ব লগা হ’ল– সেই প্ৰশ্ন স্বাভাৱিকভাৱেই উদয় হয় কৌতূহলী মানুহৰ মনত৷

এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ গ’লে দেখা যায় যে গণতান্ত্ৰিক শ্বেখ হাছিনা ক্ৰমান্বয়ে হৈ উঠিছিল স্বৈৰাচাৰী৷ দমনেৰে শাসন কুক্ষিগত কৰি ৰখাৰ প্ৰৱণতাই গ্ৰাস কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীক৷ এই প্ৰৱণতাৰ বাবেই দেশখনত ক্ৰমান্বয়ে প্ৰবল ৰূপ ধাৰণ কৰি গৈ থকা সংৰক্ষণ বিৰোধী আন্দোলনটোৰ অন্তৰ্নিহিত চেতনাটোক উপলব্ধি কৰাত তেওঁ ব্যৰ্থ হৈছিল আৰু সেনা-আৰক্ষীৰ বুলড’জাৰ চলাই আন্দোলনটোক নিঃশেষ কৰাৰ নীতিকে শেষমুহূৰ্তলৈকে খামুচি ধৰি আছিল৷ আন্দোলনটোৰ প্ৰথমৰে পৰাই চলোৱা হৈছিল গুলীবৰ্ষণ৷ প্ৰতিবাদী শিক্ষাথ¹ৰ তেজেৰে ৰাঙলী হৈছিল দেশখনৰ ৰাজপথ৷ তাৰ পাছতো যেতিয়া প্ৰতিবাদী জনতা ক্ষান্ত হোৱা নাছিল তেনে অৱস্থাত পৰিস্থিতিৰ গুৰুত্ব আৰু জনতাৰ মনোভাব উপলব্ধি কৰিব পাৰিব লাগিছিল সুদীৰ্ঘ দিন দেশ শাসন কৰা হাছিনাই৷ কিন্তু তেওঁৰ প্ৰতি সদিচ্চা থকাসকলে পৰিস্থিতিটোক ভালদৰেই অনুধাৱন কৰিব পাৰিছিল৷ কেইবাজনো প্ৰাক্তন সেনা বিষয়াই প্ৰধানমন্ত্ৰীগৰাকীক অনুৰোধ কৰিছিল সেনা বাহিনীক বেৰেকলৈ ওভতাই পঠিয়াবলৈ৷ হাছিনা চৰকাৰৰ পূৰ্বৰ মন্ত্ৰী এগৰাকীয়েও সংবাদমেল পাতি চৰকাৰৰ স্থিতিৰ বিৰোধিতা কৰিছিল৷

কিন্তু শ্বেখ হাছিনাই কাৰো কথা শুনা নাছিল৷ সন্মিলিত প্ৰতিবাদী শক্তিয়ে যেতিয়া ‘মাৰ্চ টু ঢাকা’ কাৰ্যসূচীৰ আহবান দিছিল আৰু সেই আহ্বানলৈ সঁহাৰি দি লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছিল, আৰক্ষীৰ গাড়ীত, সামৰিক বাহিনীৰ গাড়ীত উঠিও জনতাই প্ৰতিবাদৰ পতাকা তুলি ধৰিছিল তেতিয়াও পৰিস্থিতি অনুধাৱনত ব্যৰ্থ হৈছিল হাছিনা৷ সেইমুহূৰ্ততো তেওঁ সামৰিক বাহিনীৰ প্ৰধানসকলক ‘গণ ভৱন’লৈ মতাই নি কেনেকৈ গণ প্ৰতিবাদ স্তব্ধ কৰিব পাৰি তাৰ মন্ত্ৰণাহে কৰিছিল৷ সমগ্ৰ দেশজুৰি জাৰি কৰিছিল সান্ধ্য আইন৷ আৰক্ষীৰ মহাপৰিদৰ্শকক তেওঁ সুধিছিল– ‘ভালদৰে কাম চলি আছেনে?’ তেতিয়ালৈ জোঁৰ পুৰি হাত যে পাইছিলহি সেয়া তেওঁ খেয়ালেই কৰা নাছিল৷ যেতিয়া আৰক্ষী আৰু সেনা বিষয়াসকলে জনাই দিলে যে গণ প্ৰতিবাদ ৰুধিব পৰা অৱস্থাত নাই, তেতিয়ালৈ হাছিনাৰ সকলোবোৰ বিকল্প পথ বন্ধ হৈ পৰিছিল৷ সেনাৰ নিৰ্দেশ মানি পদত্যাগ-পত্ৰত চহী কৰি, সেনাৰ মুৰববীৰ হাতত ক্ষমতা গতাই দি পলোৱাৰ বাদে গত্যন্তৰ নাছিল অনুগামীয়ে ‘লৌহমানৱী’ আখ্যা দিয়া নেত্ৰীগৰাকী৷ যোৱা জানুৱাৰী মাহত হোৱা দেশখনৰ সাধাৰণ নিৰ্বাচনতে প্ৰতিবাদৰ স্ফুলিংগটো জ্বলিছিল৷ সেই নিৰ্বাচন মুক্ত নহয় বুলি অভিযোগ কৰি সমগ্ৰ বিৰোধী পক্ষই বৰ্জন কৰিছিল ভোট যুদ্ধ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দাবানল জ্বলোৱা বহু বিৰোধী নেতাক কাৰা¸ৰুদ্ধ কৰা হৈছিল, প্ৰাণৰ ভয়ত আত্মগোপন কৰিছিল বহুতে৷ বিৰোধীৰ বৰ্জনৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ একপক্ষীয়ভাৱে বিজয়ী হৈ একেৰাহে চতুৰ্থবাৰলৈ দেশখনৰ ক্ষমতাত অধিষ্ঠিত হৈছিল হাছিনা৷

সেই সময়ত বিৰোধীয়ে জ্বলোৱা প্ৰতিবাদৰ জুইকুৰা যে সহজে নুনুমায় সেই কথা বোধ হয় অভিজ্ঞ নেত্ৰী হাছিনাই নুবুজাকৈ থকা নাছিল৷ কিন্তু সুদীৰ্ঘ দিনৰ ক্ষমতাই আনি দিয়া আত্মম্ভৰিতাৰ বাবে হয়তো তেওঁ সেই প্ৰতিবাদক অৱজ্ঞা কৰিছিল৷ দমন কৰি নিঃশেষ কৰাৰ কথা ভাবিছিল৷ কিন্তু তেতিয়া হয়তো তেওঁ ধাৰণাই কৰিব পৰা নাছিল যে পুনৰ আকস্মিকভাৱে গঢ় লৈ উঠা সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনটোত বিৰোধী শক্তিসমূহ চামিল হৈ ইয়াক ৰূপান্তৰ কৰিব প্ৰবল গণ আন্দোলনলৈ৷ সেই আত্মম্ভৰিতাৰেই  তেওঁ সংৰক্ষণ বিৰোধী আন্দোলনটোকো গুৰুত্ব দিব নুখুজি সেনা-আৰক্ষীৰে দমনৰ পথ গ্ৰহণ কৰা বাবেই মূৰকত ক্ষমতাচ্যুত হোৱাৰ শাস্তি ভোগ কৰিবলগীয়া হ’ল৷ শ্বেখ হাছিনাৰ অধ্যায়টো কেৱল বাংলাদেশৰ ৰাজনীতিৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবোৰৰ বাবেও এক শিক্ষা তথা বাৰ্তা বুলি ধৰিব পাৰি৷ জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত হোৱা গণতান্ত্ৰিক চৰকাৰৰ শাসনৰ ভাষাও গণতান্ত্ৰিক হোৱাটো জনসাধাৰণে বিচাৰে৷ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি ৰূপে শাসনৰ গাদীত আৰোহণ কৰি স্বৈৰাচাৰী আচৰণ কৰিলে জনতা বিতুষ্ট হয়৷ গণতন্ত্ৰত স্বৈৰাচাৰী আচৰণ কৰা নেতাক জনসাধাৰণে সুযোগ পালে ক্ষমতাচ্যুত কৰাৰ উদাহৰণ বিশ্বত বহুত আছে৷ হাছিনা তাৰ সৰ্বশেষ নিদৰ্শন৷ হাছিনাৰ আমোলত বাংলাদেশৰ প্ৰগতি হৈছিল ঠিকেই, কিন্তু প্ৰগতিয়েই শেষ কথা যে নহয় সেইটোও বাংলাদেশৰ ঘটনাই বুজাই দিলে৷

এই অধ্যায়টোৰ পাছত দেশখনত মৌলবাদী শক্তিবোৰৰ পুনৰুত্থান ঘটাৰ আশংকা থাকিব৷ যদি সেয়ে হয় তেনেহ’লে অন্য বহু সামাজিক-ৰাজনৈতিক বিষয়ৰ লগতে বাংলাদেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰাৰ আশংকা থাকিব৷ তেতিয়া হয়তো পুনৰ হাছিনা চৰকাৰৰ গুৰুত্ব সেই দেশৰ জনসাধাৰণে উপলব্ধি নকৰাকৈ নাথাকিব৷ কিন্তু আজিৰ পৰিস্থিতিত নিজৰ কিছুমান ভুলৰ বাবেই আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰখনৰ পৰা আঁতৰিব লগা হ’ল এগৰাকী প্ৰগতিবাদী নেত্ৰী, ভাৰতৰ এগৰাকী বিশ্বাসযোগ্য বন্ধু৷

Share This