গাখীৰ গৰম কৰি কিয় খোৱা হয় ? ইয়াৰ উপকাৰিতা বিষয়ে জানো আহক

Kakali Deka December 02, 2023

ডিজিটেল ডেস্ক: গাখীৰক সম্পূৰ্ণ খাদ্য বুলি কোৱা হয় আৰু প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দৈনিক একৰ পৰা দুগিলাচ গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে কাৰণ এই ছুপাৰফুডত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ আমাৰ শৰীৰৰ বাবে উপকাৰী। গাখীৰৰ জৰিয়তে আমাৰ শৰীৰে কেলচিয়াম, প্রটিন, প্রাকৃতিক চর্বি, কেলৰি, ভিটামিন-ডি, ভিটামিন-বি২ আৰু পটাছিয়াম আৰু আন বহুতো পুষ্টিকৰ উপাদান লাভ কৰে। খাদ্য বিশেষজ্ঞ অনুসৰি গাখীৰ সহায় গৰম কৰি খোৱা হয়, তেন্তে ইয়াৰ পুষ্টিকৰ মূল্য যথেষ্ট বৃদ্ধি পায়।

উতলোৱা গাখীৰৰ উপকাৰিতা-

১. বীজাণু নষ্ট কৰেঃ-গৰম কৰাৰ পাছত গাখীৰ খোঁৱাৰ আটাইতকৈ উপকাৰীটো হ'ল গাখীৰত থকা ক্ষতিকাৰক বীজাণুবোৰ নষ্ট কৰে। এই প্ৰক্ৰিয়াটোক পেষ্টুৰাইজেচন বোলা হয়। ইয়াৰ বাহিৰেও গৰম গাখীৰ খালে শৰীৰত অধিক শক্তি পোৱা যায়।

২. ওজন হ্ৰাস কৰাত ফলপ্ৰসূঃ-এগিলাচ গৰম গাখীৰ খালে আপোনাৰ পেটটো দীর্ঘদিন ধৰি ভৰি থকা অনুভৱ হয়, যাৰ বাবে আপুনি অধিক খাদ্য খোৱাৰ পৰা বিৰত থাকে আৰু এই কাৰণেই কম খাদ্য গ্রহণ কৰিলে আপোনাৰ ওজন ক্রমান্বয়ে কমিবলৈ আৰম্ভ কৰে।

৩. টোপনিৰ অভাৱ দূৰ কৰেঃ-প্ৰতিজন ব্যক্তিয়ে নিশাৰ ভাগত এগিলাচ গৰম গাখীৰ খোৱা উচিত, ই শৰীৰ আৰু মনক যথেষ্ট সকাহ দিয়ে। এনে কৰিলে টোপনিৰ মান উন্নত হয় যাতে পিছদিনা আপুনি ভাগৰুৱা অনুভৱ নকৰে।

 

৪. হাড় মজবুত কৰেঃ-গাখীৰত অধিক পৰিমাণে কেলচিয়াম পোৱা যায়। যিয়ে হাড় শক্তিশালী কৰাৰ কাম কৰে। গৰম গাখীৰ খালে হাড়ৰ ঘনত্ব বাঢ়ি যায় আৰু শৰীৰে আগতকৈ অধিক শক্তিশালী হৈ উঠে।

৫. ডায়েবেটিছ বাবে উপকাৰীঃ-যদি দৈনিক গৰম গাখীৰ সেৱন কৰে, তেন্তে আপোনাৰ তেজত চেনিৰ মাত্রা নিয়ন্ত্রণত থাকে। সেয়েহে সুস্বাস্থ্য অক্ষত ৰখাৰ বাবে ডায়েবেটিছ ৰোগীৰ দৈনিক গাঁখীৰ সেৱন কৰাটো উপকাৰী।

Share This