ডিজিটেল ডেস্ক : দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যোৱা ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় ক্রীড়া মন্ত্র্যালয়ে ইণ্ডিয়া টাইকোৱাণ্ডো আৰু ভাৰতীয় টাইকোৱাণ্ডো ফেডাৰেশ্যন দুয়োটা সন্থাৰে স্বীকৃতি বাতিল কৰাৰ পাছত যোৱা ১৫ জুনত ইণ্ডিয়া টাইকোৱাণ্ডোৱে বে-আইনীভাৱে পুনেত আয়োজন কৰা এছিয়ান গেমছৰ ভাৰতীয় দলৰ বাছনী শিবিৰক লৈ দেশজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে। অবৈধভাৱে আয়োজন কৰা এছিয়ান গেমছৰ বাছনী শিবিৰটোত বিশ্ব ৰেংকিঙৰ ৬৭সংখ্যক স্থানত থকা হেভী ৱেইট (+৭৩ কেজি) কেটেগৰীৰ ৰ'দালি বৰুৱাৰ লগতে দেশৰ আগশাৰীৰ টাইকোৱাণ্ডো খেলুৱৈ বঞ্চিত হোৱাক লৈ অঞ্চলটোৰ ক্ৰীড়াক্ষেত্ৰত ক্ষোভৰ উদগিৰণ হৈছে। ৰ'দালিয়ে কেন্দ্রীয় ক্রীড়া মন্ত্ৰ্যালয়ৰ অধীনত টার্গেট এছিয়ান গেমছ গ্ৰুপৰ (টি এ জি জি) খেলুৱৈ ৰূপে আগন্তুক এছিয়ান গেমছৰ উপৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ বাবে নিয়মীয়াকৈ প্রশিক্ষণ আৰু অনুশীলন চলাই আহিছে।
বে-আইনীভাৱে ভাৰতীয় দল গঠনক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সভাপতি বলীন চেতিয়া আৰু সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই। ইণ্ডিয়া টাইকোৱাণ্ডোৱে বে-আইনীভাৱে আৰু দেশৰ ভালেসংখ্যক আগশাৰীৰ টাইকোৱাণ্ডো খেলুৱৈক অন্ধকাৰত ৰাখি আয়োজন কৰা এছিয়ান গেমছৰ বাছনী শিবিৰত অংশ গ্ৰহণৰ সুযোগ দিয়া খেলুৱৈ-কর্মকর্তাসকলৰ বৈধতাক লৈয়ো উত্থাপিত হৈছে ন্যায়িক প্রশ্ন। দেশৰ উচ্চন্যয়ালয়ৰ আদেশ অমান্য কৰাৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ স্প'ৰ্টছ ক'ডৰ আধাৰ আৰু ভাৰতীয় অলিম্পিক সন্থাৰ নিয়মাৱলীকো ভৰিৰে মোহাৰি ইণ্ডিয়া টাইকোৱাণ্ডোৱে আয়োজন কৰা শিবিৰটোৰ বৈধতাৰ প্রশ্নত শেহতীয়াকৈ দেশৰ শীৰ্ষ পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ ৰ'দালি বৰুৱা দ্বাৰস্থ হৈছে ন্যায়ালয়ৰ ।
ঘাইকৈ এছিয়ান গেমছৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ আগশাৰীৰ টাইকোৱাণ্ডো খেলুৱৈয়ে কঠোৰ অনুশীলন চলাই থকাৰ সময়তে ইণ্ডিয়া টাইকোৱাণ্ডো নামৰ অবৈধ সন্থাটোৱে নীতিবহির্ভূতভাৱে বাছনী শিবিৰৰ আয়োজন কৰি ৰাষ্ট্ৰৰ বৈধ খেলুৱৈ নির্বাচনী প্রক্রিয়াটোক চূড়ান্তভাৱে অৱমাননা কৰাই নহয়, দেশৰ ক্রীড়াক্ষেত্রখনকে চূড়ান্তভাৱে ভেঙুচালি কৰিলে। সেইহেতু গুৰুত্বপূৰ্ণ বিষয়টোত সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ লগতে ৰ'দালি বৰুৱাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে। লগতে ভাৰতীয় দল গঠন প্রক্রিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে ভাৰতীয় অলিম্পিক সন্থা (আই অ' এ) আৰু ভাৰতীয় ক্রীড়া প্ৰাধিকৰণক (ছাই) আৱেদন জনাইছে।