ডিজিটেল ডেস্ক : পাকিস্তানী ২২ সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ স্বয়ম্ভূ উপ-সেনাধ্যক্ষ ছৈফুল্লা কাছুৰীয়ে ভাৰতত পুনৰ আক্ৰমণৰ ধমকি দিছে। শেহতীয়াকৈ মুকলি কৰা এটা ভিডিঅ'যোগে দুর্ধর্য সন্ত্রাসবাদী ছৈফুল্লাই ভাবুকি দি কয় যে ২৬/১১-ত মুম্বাইত আক্ৰমণ কৰাৰ দৰে পুনৰ সাগৰীয় পথেৰে ভাৰতত আক্ৰমণ সংঘটিত কৰিব সন্ত্রাসবাদী সংগঠনটোৱে। উল্লেখযোগ্য যে এই দুর্ধর্ষ সন্ত্রাসবাদী ছৈফুল্লা আছিল কাশ্মীৰৰ পহলগাম-কাণ্ডৰ মাষ্টাৰমাইণ্ড। সন্ত্রাসবাদী ছৈফুল্লাই ভাৰতক 'জল সন্ত্রাস' চলোৱা বুলি অভিযোগ কৰি কয় যে কাশ্মীৰক লৈ ভাৰতে হেঁচা প্রয়োগ কৰিলে ভাৰতৰ যিকোনো স্থানত শীঘ্রেই আক্ৰমণ কৰিব লস্কৰৰ সন্ত্রাসবাদীয়ে।
ছৈফুল্লাই ভাৰতক ভাবুকি দি ভিডিঅ'টোত ২০০৮ চনত যেনেকৈ সাগৰীয় পথেৰে গৈ সন্ত্রাসবাদীয়ে মুম্বাইত হত্যাযজ্ঞ চলাইছিল, তেনে ধৰণেই পুনৰ ভাৰতৰ যিকোনো স্থানত শীঘ্রেই আক্ৰমণ কৰিব তেওঁলোকে। পাকিস্তানী চৰকাৰ-সেনাৰ পৃষ্ঠপোষকতাত বলীয়ান হৈ দুর্ধর্ষ সন্ত্রাসবাদী গোটটোৰ উপ-মুৰব্বীটোৱে এই ধৰণৰ ভাবুকি দিয়াটো ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি উদ্বেগৰ বিষয় হৈ পৰিছে। সন্ত্রাসবাদীটোৱে দাবী কৰে যে পাকিস্তানে ২০২৫ চনত আকাশ মার্গত আধিপত্য বিস্তাৰ কৰিছিল আৰু ২০২৬ চনত সাগৰত আধিপত্য বিস্তাৰ কৰিব। সন্ত্রাসবাদীটোৱে জোৰ দি কয় যে ভাৰতৰ বাবে ভূমি, আকাশ অথবা জলভাগেৰে কোনো ধৰণেৰে প্ৰৱেশৰ সুযোগ দিয়া নহ'ব। ভাৰতীয় চোৰাংচোৱাৰ শীৰ্ষ সূত্রই প্ৰকাশ কৰা মতে, দুর্ধর্ষ সন্ত্রাসবাদীটোৰ এই ভাবুকিসম্বলিত বিবৃতিত ২৬/১১-ৰ মুম্বাই আক্ৰমণৰ দৰে আকৌ সন্ত্ৰাসৰ আক্ৰমণ চলিব পাৰে বুলি আশংকা কৰা হৈছে।
উল্লেখযোগ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত আৰব সাগৰৰ জলপথেৰে আহি হাফীজ ছয়ীদৰ লস্কৰৰ সন্ত্রাসবাদীয়ে মুম্বাইত হত্যাযজ্ঞ চলাইছিল। আনহাতে, ভিডিঅ'টোত ভাৰতে 'অপাৰেশ্যন সেন্দূৰ'ত লস্কৰৰ মুৰিদকে আৰু বাহাৱলপুৰৰ আন্তঃগাঁথনিত কৰা আক্ৰমণক লৈ যথেষ্ট ক্ষুব্ধ হয়। ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে 'জল সন্ত্রাসবাদ' পাকিস্তানৰ বিৰুদ্ধে চলাইছে বুলি পোনপটীয়াকৈ অভিযোগ কৰে ছৈফুল্লাই। এটা উচটনিমূলক মন্তব্য কৰি ছৈফুল্লাই কয় যে ভাৰতৰ অযোধ্যাৰ দৰে ধৰ্মীয় স্থানতো শীঘ্ৰেই আক্ৰমণ কৰিব লস্কৰৰ সন্ত্রাসবাদীয়ে।