পি অ' কেত উলিয়াব বিশাল প্রতিবাদী সমদল, 'জইন্ট আৱামী একশ্যন কমিটী'ৰ পাক চৰকাৰলৈ হুংকাৰ

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : পাকিস্তান অধিকৃত কাশ্মীৰত (পি অ'কে) অব্যাহত আছে চৰকাৰ বিৰোধী প্রতিবাদ। প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে জইণ্ট আৱামী একশ্যন কমিটী (জে এ এ চি)ৰ উদ্যোগত চলি থকা প্রতিবাদত হাজাৰ হাজাৰ জনতাই ভাগ লৈছে। শেহতীয়াকৈ জে এ এ চিৰ নেতৃত্বই প্রকাশ কৰিছে যে তেওঁলোকে চৰকাৰৰ লগত আলোচনাত বহাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। কিন্তু যদি এই আলোচনা প্রক্রিয়া ব্যর্থ হয়, তেন্তে প্রতিবাদী জনতাই যিকোনো মুহূর্ততে 'লং মার্চ' কার্যসূচী গ্ৰহণ কৰিব। বুধবাৰে কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে প্ৰস্তাৱিত 'লং মার্চ' কাৰ্যসূচী সন্দৰ্ভত ঘোষণা কৰে। 

সংগঠনটোৱে তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচীত প্ৰৱাসী কাশ্মীৰীসকলে লোৱা পদক্ষেপৰ শলাগ লয়। ইফালে বিভিন্ন স্থানৰ পৰা প্রতিবাদত ভাগ ল'বলৈ অহা মহিলাসকল পাকিস্তান ৰেঞ্জাৰ্ছৰ বাধাৰ সন্মুখীন হৈছে। 

তথ্য অনুসৰি পি অ' কেৰ কোটলিকে ধৰি বিভিন্ন স্থানৰ শ শ মহিলাই আন্দোলনত ভাগ লোৱাৰ বাবে ওলাই আহিছে। কিন্তু অর্ধসামৰিক বাহিনী পাকিস্তান ৰেঞ্জাৰ্ছে মহিলাসকলক মূল প্রতিবাদস্থলী পোৱাত বাধা প্রদান কৰিছে।

Share This