'জিষ্ট'ৰ প্ৰাংগণত হ'ব জুবিন গাৰ্গ সমন্বয় ক্ষেত্র, যোৰহাটত প্ৰাণৰ শিল্পীৰ জন্ম দিৱস উদ্যাপনৰ প্ৰস্তুতি

dainik janambhumi November 17, 2025

ডিজিটেল ডেস্ক : যোৰহাটৰ বৃহত্তৰ হোলোঙাপাৰ আৰু হাতীগড় মৌজাবাসীৰ উদ্যোগত তথা যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানৰ (জিষ্ট) শিক্ষক কৰ্মচাৰী গোট তথা ছাত্ৰ একতা সভাৰ সহযোগত ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উদ্যাপন কৰিবলৈ লোৱা হৈছে। উক্ত দিনাই জিষ্ট প্রাংগণত কেইবাবিঘা ভূমি সামৰি 'জুবিন গাৰ্গ সমন্বয় ক্ষেত্র' নিৰ্মাণৰ শুভাৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 

পুৱা ৮ বজাত বন্তি প্রজ্বলন আৰু ভাগৱত পাঠেৰে আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত স্থানীয় বিধায়ক হিতেন্দ্রনাথ গোস্বামীয়ে উক্ত স্থানত জুবিন গাৰ্গৰ প্ৰতিমূর্তি আৰু 'জুবিন গাৰ্গ সমন্বয় ক্ষেত্র' নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। ১১ বজাৰ পৰা জিষ্টৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰিব সাংস্কৃতিক অনুষ্ঠান। 

পূব যোৰহাটৰ ৰাইজে জুবিন গাৰ্গক শ্রদ্ধা জনোৱাৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা এই সমন্বয় ক্ষেত্রত শিশু উদ্যান, মুকলি মঞ্চ, সংগ্ৰহালয় আদি সন্নিৱিষ্ট কৰাৰ পৰিকল্পনা থকাৰ বিষয়ে জানিব পৰা গৈছে। জুবিন গাৰ্গৰ জন্মদিনত উক্ত স্থানত স্থানীয় ৰাইজৰ সহযোগিতা উদ্যাপন সমিতিৰ হৈ সভাপতি দুর্লভবৰাই কামনা কৰিছে।

Share This