অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা

dainik janambhumi April 11, 2026

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি এক গুৰুত্বপূৰ্ণ সংস্কাৰ হিচাপে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা পদ্ধতিত ব্যাপক পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। অহা শিক্ষাবৰ্ষৰ পৰাই এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ'ব। কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটোতেই এখন সংবাদমেলত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে অহা বছৰৰ পৰা মেট্ৰিকত কম্পার্টমেন্টেল পৰীক্ষাৰ ব্যৱস্থা নাথাকিব বুলি উল্লেখ কৰাৰ লগতে আগন্তুক বৰ্ষৰ পৰা নম্বৰৰ সলনি কেৱল গ্রেডিং ব্যৱস্থা আৰম্ভ হ'ব বুলি ঘোষণা কৰে। সংবাদমেলত ৰমেশ চন্দ্ৰ জৈনে কয় 'শীর্ষস্থান প্রাপ্ত বা স্থান লাভ কৰা শিক্ষাৰ্থীৰ তালিকা ঘোষণা কৰাৰ বৰ্তমানৰ ব্যৱস্থাটো বন্ধ কৰা হ'ব। ইয়াৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন এক গ্রেডিং পদ্ধতিৰ জৰিয়তে মূল্যায়ন কৰা হ'ব। ইয়াৰ উদ্দেশ্য হৈছে শৈক্ষিক চাপ হ্রাস কৰা আৰু সামগ্রিক শিক্ষা প্ৰসাৰিত কৰা। অহা বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ স্থান লাভ কৰা শিক্ষাৰ্থীসকলৰ নাম ঘোষণা কৰাৰ কোনো ব্যৱস্থা নাথাকিব। ফলাফলসমূহ গ্ৰেডৰ ওপৰত ভিত্তি কৰি ঘোষণা কৰা হ'ব।' 

ঠিক তেনেদৰে ৰাজ্যত অহা বছৰৰ পৰা অনুষ্ঠিত নহয় কম্পার্টমেন্টেল পৰীক্ষা। এইবাৰ অন্তিম বাৰৰ বাবে ৰাজ্যত কম্পার্টমেন্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। মে' মাহত অনুষ্ঠিত হ'বলগীয়া কম্পার্টমেন্টেল পৰীক্ষাৰ বাবে অহা ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব অনলাইন প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া। প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ২৫ এপ্রিল। মেট্রিকত ন্যূনতম ১৭০ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীয়ে সর্বাধিক ৩ টা বিষয়ত পৰীক্ষা দিব পাৰিব। ইয়াৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্রয়োজনীয় নির্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত ৰমেশ চন্দ্ৰ জৈনে কয় যে অহা বছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱৰা শিক্ষার্থীসকলে একেটা শিক্ষাবৰ্ষতে পুনৰ কম্পার্টমেন্টেল পৰীক্ষাত বহাৰ সুযোগ নাপাব। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নতুন নীতি নির্দেশনা অনুসৰি সংশোধিত মূল্যায়ন গাঁথনি অনুসৰণ কৰিব লাগিব। এই সংস্কাৰসমূহ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাক ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ লক্ষ্যৰ সৈতে মিলাই ৰখাৰ এক ব্যাপক প্ৰচেষ্টাৰ অংশ। ইয়াৰ জৰিয়তে যোগ্যতা ভিত্তিক মূল্যায়ন, পৰীক্ষাৰ মানসিক চাপ হ্রাস আৰু শিক্ষাৰ্থীৰ সামর্থ্যৰ ক্ষেত্ৰত অধিক বিস্তৃত মূল্যায়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই পৰিৱৰ্তনসমূহে ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনো প্রভাৱ নেপেলায়। ২০২৬ চনৰ ফলাফল ইতিমধ্যে বৰ্তমানৰ ব্যৱস্থাৰ অধীনত ঘোষণা কৰা হৈছে। 

ইয়াৰ পৰিৱৰ্তে নতুন নিয়মসমূহ পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী কৰা হ'ব। বিদ্যালয় আৰু শিক্ষার্থীসকলে সংশোধিত গাঁথনিৰ সৈতে খাপ খুৱাই ল'বলৈ পর্যাপ্ত সময় পাব। ইফালে গ্রেডিং গাঁথনি আৰু মূল্যায়ন পদ্ধতিৰ সন্দৰ্ভত বিতং নিৰ্দেশনা ব'ৰ্ডৰ ফালৰ পৰা যথা সময়ত জাৰি কৰা হ'ব বুলি উল্লেখ কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষগৰাকীয়ে এই পদক্ষেপে অনাগত বছৰবোৰত শিক্ষাৰ্থীৰ প্ৰদৰ্শন মূল্যায়নৰ ধৰণ পুনৰ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে বুলি মন্তব্য কৰে।

Share This