ডিজিটেল ডেস্ক : দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডলৈ ধ্বংস মাতি আনিছে একাংশ ব্যক্তিগত ঠিকা প্রতিষ্ঠানে। ঠিকা প্রতিষ্ঠানক দায়িত্ব অৰ্পণ কৰি অধিক লাভৰ আশাৰে এটা এটাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ গতাই দিয়াৰ এতিয়া ফল ভোগ কৰিছে উদ্যোগ প্রতিষ্ঠানটোৱে।
উল্লেখযোগ্য যে অইলে বিভিন্ন বিভাগসমূহৰ পৰিচালনাৰ দায়িত্ব ব্যক্তিগত ঠিকা প্রতিষ্ঠানক গতাই দিয়াৰ আঁৰত ৰাজনৈতিক হাতোৰা অথবা উদ্যোগটোৰ একাংশ স্বার্থলোভী উচ্চ পদস্থ বিষয়াৰ চক্রান্তও নুই কৰিব নোৱাৰি। যি কি নহওক অইলৰ ইতিহাসত উল্লেখযোগ্য ভয়ংকৰ দুৰ্ঘটনাৰ ভিতৰত কঠালনি দীঘলীয়া তৈলক্ষেত্রত প্রায় ১৯৯৩/৯৪ চনত সংঘটিত হৈছিল ব্ল-আউটৰ ঘটনা। উক্ত ঘটনাত কোনো লোকৰ প্রাণহানি হোৱা নাছিল যদিও ব্যাপক লোকচানৰ সন্মুখীন হৈছিল উদ্যোগ প্রতিষ্ঠানটো। ঘটনাত জ্বলি জ্বলি ছাই হৈ গৈছিল এটা ড্রিলিং খাদ। সেই সময়ত উক্ত খাদটোৰ খননৰ দায়িত্ব লাভ কৰিছিল বিডটাৰ ইণ্টাৰনেশ্যনেল ড্রিলিং নামৰ এটা ব্যক্তিগত অষ্ট্ৰেলিয়ান কোম্পানীয়ে। ইয়াৰ পিছতেই ২০০৫ চনৰ ১৫ ছেপ্টেম্বৰত সংঘটিত হৈছিল দেশ কঁপাই যোৱা ডিকম কাণ্ড। ডিকমৰ কুঁহিবাৰী ১৫নং তেলখাদত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্রণলৈ আনিবলৈ ২০ দিনৰো অধিক সময়ৰ প্ৰয়োজন হৈছিল। কোনো লোকৰ প্রাণহানি নোহোৱা এই ঘটনা অইল ইণ্ডিয়া লিমিটেডে নিজাকৈ কাম কৰি থাকোঁতেই সংঘটিত হৈছিল। এই ঘটনাৰ সুদীর্ঘ ১৫ বছৰৰ পিছত অৰ্থাৎ ২০২০ চনৰ ২৭ মে'ত সংঘটিত হৈছিল বাঘজান কাণ্ড। প্রথমতে ব্ল-আউট আৰু পাছলৈ অর্থাৎ ৯ জুনত অগ্নিকাণ্ড সংঘটিত হৈছিল। প্রায় পাঁচ মাহৰ অন্তত অর্থাৎ ১৫ নৱেম্বৰত ই সম্পূর্ণৰূপে নির্বাপিত হৈছিল। এই ঘটনাত এজন অভিযন্তাসহ তিনিজনকৈ অইলৰ নিজা কৰ্মচাৰীয়ে প্রাণ হেৰুৱাইছিল। এই ঘটনাও সংঘটিত হৈছিল ব্যক্তিগত ঠিকা প্রতিষ্ঠান জন এনার্জি নামৰ ঠিকা প্রতিষ্ঠানটোৱে কাম কৰি থকা অৱস্থাত। কিন্তু, পাছত আমেৰিকাৰ পৰা জুই নুমুৱাবলৈ বিশেষজ্ঞ অনাকে ধৰি স্থানীয় লোকক ক্ষতিপূৰণ দিয়া তথা দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছৰ অংশ সম্পূর্ণৰূপে দায়িত্ব বহন কৰিবলৈ বাধ্য হৈছিল অইল ইণ্ডিয়া লিমিটেডে। এই ঘটনাত অধিক মুনাফা আদায়ৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক খননৰ দায়িত্ব প্রদান কৰি শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণৰ দৰে অৱস্থা হৈছিল অইলৰ। ইয়াৰ পিছত চতুর্থটো ঘটনা সংঘটিত হৈছিল দুলীয়াজানৰ কাষৰীয়া ডিৰিয়ালত। কিৰিপ নামৰ ব্যক্তিগত প্রতিষ্ঠানে কাম কৰি থকা অৱস্থাতে ব্ল-আউট হৈ আতংকময় পৰিৱেশৰ সূচনা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ক্ষতিপূৰণ, স্থানীয় ৰাইজৰ স্থানান্তৰ এই সকলোবোৰ দায়িত্ব বহন কৰিছিল অইলে। অৱশ্যে এই ঘটনাতো কোনো লোকৰ প্ৰাণহানি হোৱা নাছিল। কিছুদিন পূর্বে অৰুণাচলৰ এক খনন প্রতিষ্ঠানতো সংঘটিত হৈছিল ব্ল-আউটৰ ঘটনা। কোনো লোকৰ প্রাণহানি হোৱা নাছিল যদিও এই ঘটনাও সংঘটিত হৈছিল ব্যক্তিগত ঠিকা প্রতিষ্ঠানৰ হাততেই। জিলা এন প্র'-এ পৰিচালনা কৰা এই ঘটনাতো অইল ইণ্ডিয়া লিমিটেডে গুৰুদায়িত্ব বহন কৰিবলগীয়া হৈছিল। শেহতীয়াকৈ টেঙাখাত আই টি এফত সংঘটিত ঘটনাৰ সময়ত পৰিচালনাৰ দায়িত্বত আছিল স্প্রেকট্রন ইঞ্জিনিয়াৰ্ছ প্রাইভেট লিমিটেড নামৰ ঠিকা প্রতিষ্ঠানটো। যিটো ঘটনাই অইলৰ ইতিহাসত সৰ্বাধিক লোকৰ প্ৰাণহানি হৈছে। ইয়াৰ উপৰি ব্যক্তিগত খনন প্রতিষ্ঠানত কৰ্মৰত শ্ৰমিকৰ মৃত্যু, আঘাতপ্রাপ্ত আদি ঘটনা সচৰাচৰ ঘটিয়েই থাকে। আশ্চর্যজনক কথা, এনে এক গুৰুতৰ অপৰাধ কৰাৰ পিছতো এই ব্যক্তিগত প্রতিষ্ঠানসমূহক অইলে দিয়া শাস্তি শুনিলে চকু কপালত উঠিব। মাত্র ছমাহ বা এবছৰৰ বাবে ব্লেক লিষ্টেড কৰা হয় এই প্রতিষ্ঠানসমূহ। ইয়াৰ পিছত অইলে দুৱাৰ মুকলি কৰাৰ পৰিণতিত বাঘজান কাণ্ডৰ দৰে ঘটনা সংঘটিত কৰা জন এনার্জি নামৰ প্রতিষ্ঠানটোৱে পুনৰ উদ্যোগ প্রতিষ্ঠানটোত খননৰ কাম চলাই আছে। আনহাতে এই ঠিকা প্রতিষ্ঠানসমূহক ব্লেক লিষ্টেড কৰাৰ পিছত বহু সংখ্যকে একেখিনি সামগ্রীকে লৈ প্ৰতিষ্ঠানৰ নাম সলনি কৰিও নিয়োজিত হৈ থাকে অইলত।
ইফালে এপদ এপদকৈ অইলৰ বিভাগসমূহ ব্যক্তিগত প্রতিষ্ঠানক গতোৱাৰ পৰিণতিত নিয়োগৰ সম্ভাৱনা সংকুচিত হৈ আহিছে। দীর্ঘদিন ধৰি অইলত বনুৱা নিযুক্তি প্রক্ৰিয়াৰ কোনো বিজ্ঞাপনেই প্রকাশ পোৱা নাই। মন কৰিবলগীয়া যে একালত অইলৰ বিৰুদ্ধে ব্যক্তিগত ঠিকা প্রতিষ্ঠানক গতাই দিয়া, মেন মেনেজমেণ্ট কনট্রেক্ট আদিৰ বিৰুদ্ধে জোৰদাৰ প্রতিবাদ চলিছিল যদিও এতিয়া সেয়া অতীত। অভিযোগ অনুসৰি একাংশ দল-সংগঠনৰ নেতা এতিয়া এনে ঠিকা প্রতিষ্ঠানৰে একো একোজন বিয়াগোম ঠিকাদাৰ হিচাপেও পৰিচিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত ব্যক্তিগত ঠিকা প্রতিষ্ঠানক গতাই দিয়াৰ ধাৰণাই ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠানটোলৈ ধ্বংস মাতিব বুলিও বিভিন্ন মহলত চর্চা লাভ কৰিছে।