ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত কালি কেইবাটাও কাৰণত সৃষ্টি হোৱা ধুমুহাৰ ফলত বিনিয়োগকাৰীয়ে মুহূৰ্তৰ ভিতৰতে দহ লাখ কোটি টকা হেৰুৱায়। শ্বেয়াৰ বজাৰত সোমবাৰেও পতন দেখা পোৱা গৈছিল। ফলত দুদিনত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ প্ৰায় ১২ লাখ কোটি টকা লোকচান হয়। কালি ভাৰতীয় শ্বেয়াৰ বজাৰত সূচকাংকৰ বৃহৎ পতনৰ অন্যতম কাৰণ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে গ্রীনলেণ্ড দখলৰ ভাবুকিৰ ফলত বিশ্বত সৃষ্টি হোৱা উত্তেজনাপূর্ণ পৰিস্থিতি, বিশ্বৰ বজাৰত দেখা পোৱা মন্থৰতা, বিশ্বত পুনৰ শুল্ক যুদ্ধৰ আশংকা আৰু তৃতীয় ত্ৰিমাহত ৰিলায়েন্সৰ দৰে কোম্পানীসমূহৰ প্ৰদৰ্শন আশানুৰূপ নোহোৱাটো। এনে কাৰণত বিনিয়োগকাৰীৰ মাজত শংকাৰ সৃষ্টি কৰে।
ইয়াৰ লগতে বিদেশী বিনিয়োগকাৰীয়ে বৃহৎ পৰিমাণৰ শ্বেয়াৰ বিক্ৰী কৰি ভাৰতীয় বজাৰৰ পৰা ধন উলিয়াই নিয়ে। ফলত ভাৰতীয় শ্বেয়াৰ বজাৰত ধুমুহাৰ সৃষ্টি হয় আৰু এটা সময়ত বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স ১২০০ পইন্ট আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিষ্টিও অৱনমিত হৈ ২৫ হাজাৰৰ তললৈ নামে। অৱশ্যে পাছত পৰিস্থিতি সামান্য উন্নত হয় আৰু বজাৰৰ লেনদেন সামৰাৰ পৰত ছেনছেক্স ১০৬৬ পইন্ট অর্থাৎ ১.২৮% অৱনমিত হৈ ৮২,১৮০.৪৭ পইন্ট হয়গৈ। আনহাতে নিফটি ৩৫৩ পইন্ট (১.৩৮%) অৱনমিত হৈ ২৫,২৩৩ পইন্ট হয়গৈ। কালি শ্বেয়াৰ বজাৰত আটাইতকৈ বেছি ক্ষতি হয় নির্মাণ তথা স্থাবৰ সম্পত্তি খণ্ড। নিফটি ৰিয়েলিটি সূচকাংক কালি ৫% তকৈ অধিক নিম্নগামী হয়। নিত্য ব্যৱহাৰ্য সামগ্রী উৎপাদন কৰা কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য ৩%, যান-বাহন, তথ্য প্রযুক্তি, ধাতু আৰু ঔষধ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য ২% হ্রাস পায়। ছেনছেক্সৰ ৩০টা শ্বেয়াৰৰ ভিতৰত এইচ ডি এফ চি বেংকক বাদ দি বাকী ২৯টা শ্বেয়াৰৰ মূল্য হ্রাস পায়। জমেটোৰ শ্বেয়াৰৰ মূল্য সর্বাধিক ৪% হ্রাস পায়। বিনিয়োগকাৰীয়ে কালি মুহূৰ্তৰ ভিতৰতে প্রায় ১০.১২ লাখ কোটি টকা হেৰুৱায়। বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন সোমবাৰে লেনদেন সামৰাৰ পৰত আছিল ৪৬৫.৬৮ লাখ কোটি টকা আৰু কালি হয়গৈ ৪৫৫.৭২ লাখ কোটি টকা।
উল্লেখযোগ্য যে সোমবাৰেও ছেনছেক্স অৱনমিত হৈছিল। সোমবাৰে ছেনছেক্স ৩২৪ পইন্ট অৱনমিত হৈছিল আৰু ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ২ লাখ কোটি টকা লোকচান হয়। ইয়াকে ধৰি দুদিনত বিনিয়োগকাৰীৰ লোকচান হয় প্রায় ১২ লাখ কোটি টকা। মন কৰিবলগীয়া যে ইয়াৰ আগতে, যোৱা বছৰ মে' মাহত ছেনছেক্স ১০০০ পইণ্টতকৈ অধিক অৱনমিত হৈছিল। সেইদিনা ছেনছেক্স ১,২৮১ পইন্ট অৱনতি হৈছিল।