ডিজিটেল ডেস্ক: তিনি সপ্তাহতকৈ অধিক সময় পাৰ হোৱা আমেৰিকা-ইজৰাইলৰ ইৰানৰ সৈতে যুদ্ধই ভাৰততো প্ৰভাৱ পেলাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যসভাত পশ্চিম এছিয়াৰ যুদ্ধৰ প্রসংগত দিয়া এটা বিবৃতিত এনেদৰে কয়।
প্রধানমন্ত্রীয়ে উচ্চ সদনত দিয়া প্রায় ২১ মিনিটৰ ভাষণত কয়, যুদ্ধ অব্যাহত থাকিলে ইয়াৰ কৃষ্ণাভাৰ পৰিব। অনাগত দিনবোৰত সংকটে দেশৰ সৰ্ববৃহৎ পৰীক্ষা ল'ব। ইয়াত সফলতাৰ বাবে ৰাজ্যসমূহৰ সহযোগৰ প্রয়োজন। সকলোৱে টীম ইণ্ডিয়াৰ দৰে কাম কৰিব লাগিব। তেওঁ কয় যে সংকট সত্ত্বেও দেশৰ উন্নয়ৰ হাৰ একেদৰে ৰখাটো সকলোৰে দায়িত্ব আৰু ইয়াৰ বাবে সংস্কাৰ অব্যাহত ৰাখিব লাগে, কভিডৰ সময়ৰ দৰে দলীয়া ভাৱনাৰে কাম কৰিব লাগে।
মোদীয়ে ভাষণত কয়, 'হৰমুজ প্রণালীত আমাৰ জাহাজ আৰু জাহাজৰ চালক দলৰ সদস্য আবদ্ধ হৈ আছে। ই চিন্তাজনক কথা। আমাৰ বাণিজ্যৰ পথ প্রভাবিত হৈছে। গেছ, তেল আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত প্রভার পৰিছে।' প্রধানমন্ত্রীয়ে কয়, 'পশ্চিম এছিয়াৰ যুদ্ধই তিনি সপ্তাহতকৈ অধিক সময় পাৰ কৰিলে। এই যুদ্ধই সমগ্র বিশ্বক শক্তিৰ গভীৰ সংকটৰ মাজলৈ ঠেলি দিলে। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছে। পাৰস্য উপসাগৰীয় দেশবোৰত প্রায় এক কোটি ভাৰতীয় আছে, তেওঁলোকে তাত কাম কৰি আছে। তেওঁলোকৰ জীৱনৰ সুৰক্ষা ভাৰতৰ বাবে চিন্তাৰ বিষয়। হৰমুজ প্রমালীত বৃহৎসংখ্যক জাহাজ আবদ্ধ হৈ আছে। ইয়াৰ চালক দলৰ অধিকাংশ সদস্য ভাৰতৰ। ইও ভাৰতৰ বাবে উদ্বেগৰ বিষয়। এনে অৱস্থাত প্রয়োজনীয় কথাটো, হ'ল এই উচ্চ সদনৰ পৰা বিশ্বলৈ বার্তা যাব লাগে। আমি উপসাগৰীয় দেশবোৰৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছোঁ। আমি ইৰান, ইজৰাইল আৰু আমেৰিকাৰ সৈতেও যোগাযোগ কৰি আছোঁ। আমি উত্তেজনা হ্রাস কৰা আৰু হৰমুজ প্রণালী মুকলি কৰাৰ বাবেও আলোচনা কৰি আছোঁ। ভাৰতে সাধাৰণ নাগৰিকক, অসামৰিক আন্তঃগাঁথনি, শক্তি আৰু পৰিবহণ আন্তঃগাঁথনিত কৰা আক্ৰমণৰ বিৰোধিতা কৰিছে।'
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ প্রতি আহ্বান জনাই কয়, 'এনেকুৱা সংকটৰ সময়ত দৰিদ্ৰ আৰু শ্ৰমিকসকলৰ ওপৰত বিপৰীত প্ৰভাৱ পৰে। তেওঁলোকে প্রধানমন্ত্রী গৰীব অন্ন কল্যাণ আঁচনিৰ সুবিধাসমূহ পাই থাকিব লাগে। ৰাজ্য চৰকাৰসমূহে ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিব লাগে।' তেওঁ ৰাজ্য চৰকাৰসমূহক দুটা প্রধান দায়িত্ব দিয়ে। ইয়াৰে প্রথমটো হ'ল অত্যাৱশীক সামগ্ৰীত অহৰহ চকু ৰখা আৰু দ্বিতীয়তে য'তেই মজুতকৰণৰ অভিযোগ পোৱা যায় তাতেই লগে লগে ব্যবস্থা গ্রহণ কৰিব লাগে।' তেওঁ কয়, 'সংকটৰ সময়ত সাধাৰণ জনতাক মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিব লাগে।' প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে মিলি এই সুকীয়া ধৰণৰ সংকট ধৈর্য, সংযম আৰু প্ৰস্তুতিৰে সৈতে কৰিব লাগে, কিয়নো পৰিস্থিতি অহৰহ সলনি হৈ আছে। সেয়েহে দেশবাসী প্রতিটো প্রত্যাহবানৰ বাবে সাজু হৈ থাকিব লাগে। আনহাতে পশ্চিম এছিয়াৰ যুদ্ধই কৰা লোকচানৰ ক্ষতিপূৰণ কৰিবলৈ বিশ্বক সময়ৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় অর্থনীতিৰ প্ৰতি আস্থা প্রকাশ কৰে। তেওঁ কয়, 'আমাৰ অৰ্থনৈতিক ভেটি যথেষ্ট মজবুত আৰু যুদ্ধৰ হ্ৰস্ৰম্যাদী আৰু দীর্ঘকালীন প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ কাৰণে এটা 'আন্তঃমন্ত্র্যালয় গোট' গঠন কৰা হৈছে। চৰকাৰে এল পি জিৰ লগতে পি এন জি ব্যৱহাৰ বৃদ্ধিতো গুৰুত্ব আৰোপ কৰিছে, যাতে ঘৰুৱা ৰন্ধন গেছৰ যোগান সুচাৰুৰূপে চলি থাকে।'
প্রধানমন্ত্রীয়ে লগতে কয় যে অনাগত খেতিৰ বতৰত কৃষকসকললৈ যাতে সাৰৰ যোগান অব্যাহত থাকে, তাৰবাবে চৰকাৰে প্ৰচেষ্টা চলাই আছে। চৰকাৰে সাৰৰ যোগান পর্যাপ্ত কৰাৰ বাবে প্রচেষ্টা চলাই আছে। তেওঁ কয়, 'কৃষকসকলক মই পুনৰবাৰ আশ্বস্ত কৰিবলৈ বিচাৰোঁ যে চৰকাৰে প্রতিটো প্রত্যাহবান সমাধানৰ বাবে তেওঁলোকৰ কাষত আছে।