এমাহৰ ভিতৰত হৰমুজ প্রণালী মুক্ত নহ'লে বিষম হ'ব পৰিস্থিতি, গভীৰ সংকটত বিশ্বৰ তৈল ভাণ্ডাৰ

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক : ইৰান যুদ্ধৰ ফলত হৰমুজ প্রণালীত চলি থকা অৱৰোধৰ বাবে বিশ্বত খাৰুৱা তেলৰ ভাণ্ডাৰ শেষ হৈ যোৱাৰ আশংকা ক্ষিপ্রগতিত বৃদ্ধি পাইছে। যদিহে হৰমুজ প্রণালীত চলি থকা অচলাৱস্থা অচিৰেই অন্ত নপৰে তেতিয়া বিশ্বত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব। 

আন কথাত বিশ্বৰ প্রায় সকলো কাম স্তব্ধ হৈ পৰিব পাৰে। যুদ্ধ আৰম্ভ হোৱাৰ সময়ত অর্থাৎ তিনি মাহৰ আগতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা নিচেই ক্ষীণ আছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। হৰমুজ প্রণালী সম্পূর্ণৰূপে বন্ধ হৈ পৰা আৰু পাৰস্য উপসাগৰীয় দেশত কেইবাটাও তেল প্রতিষ্ঠানত কৰা আক্ৰমণৰ পাছত বিশ্বত এতিয়া খাৰুৱা তেলৰ নাটনি হোৱাৰ আশংকা বৃদ্ধি পাইছে। বিশ্লেষকসকলৰ মতে, ইৰান আৰু আমেৰিকাৰ মাজত যুদ্ধ অন্ত পৰাৰ কোনো আশা এতিয়ালৈকে দেখা পোৱা নাই। বৰং যুদ্ধ পুনৰ আৰম্ভ হোৱাৰ আশংকাইহে বিৰাজ কৰি আছে। ইয়াৰ ফলত হৰমুজ প্রণালীত চলি থকা অৱৰোধ অধিক দীঘলীয়া হোৱাৰ আশংকাও বৃদ্ধি পাইছে। ইয়াৰ ফলত বিশ্বলৈ শক্তিৰ যোগান বিঘ্নিত হ'ব পাৰে। বিশ্লেষকসকলৰ মতে তেলৰ যোগানৰ প্রতিচ্ছবি একেবাৰেই ভাল নহয়। ডাটা বিশ্লেষক কোম্পানী কেপলাৰৰ তথ্য মতে, যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা অৰ্থাৎ যুদ্ধ আৰম্ভ হোৱাৰ দিনাৰ পৰা ৮ মে'লৈ মধ্য প্রাচ্যৰ পৰা তেলৰ যোগানত মুঠ ৭৮.২ কোটি বেৰল হ্রাস পাইছে। 


চলিত মাহৰ শেষলৈ বিশ্বৰ বজাৰলৈ মধ্য প্রাচ্যৰ পৰা যোগান হ্রাস পোৱা খাৰুৱা তেলৰ পৰিমাণ ১০০ কোটি বেৰললৈ বৃদ্ধি পাব। দৈনিক উৎপাদনৰ দিশৰ পৰা পৰিস্থিতি অতি গুৰুতৰ বুলি কোৱা হৈছে। ছৌডি আৰবত প্রতিদিনে প্রায় ৩০ লাখ বেৰল উৎপাদন হ্রাস পাইছে। প্রতিদিনে ইৰাকত খাৰুৱা তেলৰ উৎপাদন ২৮.৮ লাখ বেৰল, ইৰানৰ উৎপাদন ১৬.৯ লাখ বেৰল আৰু কুৱেইটৰ উৎপাদন ১৭.৫ লাখ বেৰল হ্রাস পাইছে। ইমান বৃহৎ হাৰত উৎপাদন হ্রাস পোৱাৰ ফলত বিশ্বই এতিয়া আগতে উৎপাদন কৰা খাৰুৱা তেলক নিৰ্ভৰ কৰি চলি থাকিব লগা হৈছে। বিশ্বত এতিয়া ভূগৰ্ভৰ পৰা উলিয়াই অনা খাৰুৱা তেলৰ ভাণ্ডাৰত তিনি মাহতকৈ কম সময়ৰ বাবেহে খাৰুৱা তেল মজুত আছে। আন্তঃৰাষ্ট্ৰীয় শক্তি এজেঞ্চিয়ে (আই ই এ) এইবুলি সতর্ক কৰি দিয়ে যে চলিত বছৰত খাৰুৱা তেলৰ চাহিদা যোগানতকৈ অধিক হ'বগৈ। 

'দ্য অইল প্রাইচ'ত প্রকাশ পোৱা আই ই এৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে চলিত বছৰত বিশ্বৰ বজাৰলৈ খাৰুৱা তেলৰ যোগান দৈনিক প্রায় ৩৯ লাখ বেৰল হ্রাস পাব। অৱশ্যে এই অনুমান মধ্য প্রাচ্যৰ বৰ্তমানৰ প্ৰকৃত লোকচানতকৈ যথেষ্ট কম। মধ্য প্রাচ্যৰ পৰা বিশ্বৰ বজাৰলৈ প্ৰতিদিনে ১.০৫ কোটি বেৰল তেলৰ যোগান হ্রাস পাইছে। ইয়াৰ বিপৰীতে চাহিদা হ্রাস পাইছে প্রতিদিনে ৪.২ লাখ বেৰলৰ। আটলান্টিক কাউঞ্চিলৰ গ্ল'বেল এনার্জী চেণ্টাৰৰ জ্যেষ্ঠ গৱেষক এলেন বাল্ডে বাল ষ্ট্ৰীট জার্নেলক জনোৱা মতে খাৰুৱা তেলৰ ব্যৱহাৰ এটা পৰ্যায়ৰ সৈতে সীমিত কৰিব পৰা যায়। যেতিয়া ভাণ্ডাৰ শেষ হৈ যাব তেতিয়া সকলো শেষ হৈ যাব। তেওঁৰ মতে এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ব য'ত চাহিদা আৰু যোগানৰ মাজত বৃহৎ ব্যৱধানৰ সৃষ্টি হ'ব আৰু বজাৰক সম্পূৰ্ণৰূপে জোকাৰি পেলাব। খাৰুৱা তেল তথা ইন্ধনৰ দাম দ্রুতগতিত ওপৰলৈ উঠিব। 

উল্লেখযোগ্য যে যোৱা সপ্তাহত ছৌডি আৰবৰ সৰ্ববৃহৎ তেল প্রতিষ্ঠান আৰামকোৰ মুখ্য কাৰ্যবাহী বিষয়া আমীন নাছিৰেও প্রায় একেধৰণৰ সতর্কবাণী শুনাইছিল। জে পি মর্গানৰ বিশ্লেষকসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে মধ্য প্রাচ্যৰ পৰিস্থিতি বৰ্তমানৰ দৰে থাকিলে অহা মাহৰ ভিতৰত বিশ্বৰ উন্নত দেশবোৰত বাণিজ্যিক তেল ভাণ্ডাৰ 'অপাৰেশ্যনেল চাপ'ৰ সন্মুখীন হ'ব। ইয়াৰ অৰ্থ হ'ল তেলৰ যোগানত সৃষ্টি হোৱা নাটনি নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব। জে পি মর্গানৰ গ্ল'বেল কম'ডিটি ষ্ট্ৰেটেজিৰ মুৰব্বী নতাশা কানেভাৰ মতে, অহা মাহত হৰমুজ প্রণালী যিকোনো উপায়েৰে মুকলি কৰিবই লাগিব। 

যুদ্ধ বন্ধ হ'লেহে বিশ্ব তেলৰ সংকটৰ পৰা হাত সাৰিব পাৰিব। বিশ্বৰ মতে, এতিয়া একাংশ দেশ সংৰক্ষিত ভাণ্ডাৰৰ তেলেৰে চলি আছে। তেওঁলোকৰ মতে, যদি মধ্য প্রাচ্যৰ সংকটত দীঘলীয়া হয় তেতিয়া বর্তমানে মজুত থকা তেলৰ ভাণ্ডাৰসমূহ প্রায় উদং হৈ পৰিব আৰু ইয়াক পুনৰ ভৰ্তি কৰোৱাৰ বাবে পর্যাপ্ত নতুন যোগান উপলব্ধ নহ'ব। আন কথাত যুদ্ধ যিমানেই দীঘলীয়া হ'ব বিশ্বৰ সুৰক্ষা কৱচ সিমানেই দুৰ্বল হৈ পৰিব। কেপিটেল ইক'নমিক্সৰ কম'ডিটি ইকনমিষ্ট হামাদ হুছেইনে কয় যে তেলৰ জাহাজ ক্রয় কৰাৰ প্ৰতিযোগিতা এতিয়া হ্রাস পাইছে, কিন্তু দ্রুতগতিত মজুত থকা খাৰুৱা তেলৰ ভাণ্ডাৰ হ্রাস পাবলৈ ধৰিছে আৰু ইয়াৰ প্ৰত্যক্ষ প্রভাৱ দাম বৃদ্ধিৰ ৰূপত দেখা পোৱা যাব।

Share This