ট্রাম্পক তৈল প্ৰতিষ্ঠানৰ সকীয়নি, বিশ্বত অধিক গভীৰ হ'ব ইন্ধনৰ সংকট

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক: ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা যুদ্ধই সমগ্র বিশ্বক উদ্বিগ্ন কৰি তুলিছে যুদ্ধ যিমানেই দীঘলীয়া হৈছে বিশ্বত সিমানেই তেল আৰু প্ৰাকৃতিক গেছৰ সংকট অধিক গভীৰ হ'বলৈ ধৰিছে।

পৰিস্থিতিয়ে শোচনীয় ৰূপ লোৱাৰ সময়ত তেল উদ্যোগেও পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ল'ব বুলি বিশ্ববাসীক সতৰ্ক কৰি দিয়ে। বিশ্বৰ আগশাৰীৰ তেল: কোম্পানীসমূহৰ মুখ্য কার্যবাহী বিষয়াসকলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক এই বুলি সতর্ক কৰি দিয়ে যে যুদ্ধই বিশ্বত খাৰুৱা তেলৰ সংকটত অধিক গভীৰ কৰিব আৰু খাৰুৱা তেলৰ দাম অধিক বৃদ্ধি পাব। 

ৱালষ্ট্ৰীট জার্নেলত প্রকাশ পোৱা এটা বাতৰিত এই কথা প্রকাশ পাইছে। ৱালষ্ট্ৰীয় জার্নেলে প্রকাশ কৰা মতে, হোৱাইট হাউছত এই বিষয়ে কেইবালানি বৈঠকত আলোচনা কৰা হয়। শেহতীয়াকৈ শক্তি সচিব ক্ৰিছ ৰাইট আৰু অভ্যন্তৰীণ সচিব ডগ বাৰ্গমৰ সৈতে হোৱা বৈঠকত আমেৰিকাৰ তেল কোম্পানীসমূহে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সংকটক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে। 

এক্সন মবিল, শ্বেৱৰান আৰু ক'নক'ফিলিপ্সৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে এই বুলি সকীয়াই - দিয়ে যে হৰমুজ প্রণালী সামুদ্রিক পথেৰে তেল আৰু গেছৰ যোগানত সৃষ্টি হোৱা বাধাই বিশ্বৰ শক্তিৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰিব। তেল উদ্যোগে ট্রাম্প প্রশাসনক সকীয়নি দি কয় যে ইন্ধনৰ নাটনি আৰু অধিক বৃদ্ধি পাব পাৰে। বাতৰি কাকতখনে প্রকাশ কৰা মতে, এক্সনৰ চি ই অ' ডেৰেন উডছে কয় যে যুদ্ধৰ ফলত সৃষ্টি হোৱা সংকটৰ মাজতে যদি ব্যৱসায়ীসকলে হঠাতে খাৰুৱা তেলৰ দাম বৃদ্ধি কৰে তেতিয়া এই দামে বৰ্তমানৰ উচ্চ মাত্রাকো অতিক্ৰম কৰিব। তেওঁ এই বুলি আশংকা প্রকাশ কৰে যে খাৰুৱা তেলৰ ব্যৱসায়ীসকলে এই সংকটৰ মাজতে খাৰুৱা তেলৰ ক্ৰয়ৰ বাবে অধিক দামৰ ডাক দিব পাৰে। ইয়াৰ লগতে খাৰুৱা তেলৰ পৰিশোধিত সামগ্ৰীৰ যোগানো হ্রাস পাব। আন কথাত পেট্রল-ডিজেল আদিৰ যোগান হ্রাস পাব। 

ছেভৰনৰ চি ই অ' মাইক ৱিৰ্থ আৰু কনক'ফিলিপছৰ চি ই অ' ৰয়ান লান্সেও যোগানত সৃষ্টি হোৱা অচলাৱস্থাক লৈ উদ্বেগ প্রকাশ কৰে। আমেৰিকাৰ শীর্ষ স্থানীয় তেল কোম্পানীবোৰৰ সতর্কবাণীৰ পাছতে ট্রাম্প প্রশাসনে এতিয়া কেইবাটাও এই পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ভিতৰত ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ত আৰোপ কৰা নিষেধজ্ঞা শিথিল কৰাও আছে। তেল উদ্যোগৰ বিষয়াসকলে ট্রাম্প প্রশাসনক স্পষ্টভাৱে কয় যে বিশ্বত সৃষ্টি হোৱা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সংকট দূৰ কৰা একমাত্র উপায় হ'ল হৰমুজ প্রণালী পুনৰ মুকলি কৰাটো।

Share This