বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক

dainik janambhumi August 18, 2025

ডিজিটেল ডেস্ক : শক্তি, নিখুঁত আৰু কুশলী প্ৰদৰ্শনৰ জৰিয়তে দেশৰ শীর্ষস্থানীয় মহিলা টাইকোৱাণ্ডোকা ৰ'দালি বৰুৱাই প্রেচিডেন্স কাপ আন্তর্জাতিক টাইকোৱাণ্ডো আৰু অষ্ট্ৰেলিয়া অ'পেন মুকলি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ উভয়তে ব্ৰঞ্জৰ পদক লাভ কৰিছে। 

অষ্ট্ৰেলিয়াৰ গ'ল্ড ক'ষ্টত যোৱা ১৪-১৫ আগষ্টত অনুষ্ঠিত প্রেচিডেন্স কাপত আৰু একে স্থানতে ১৬-১৭ আগষ্টত সম্পন্ন অষ্ট্ৰেলিয়া অ'পেন টাইকোৱাণ্ডোত প্রতিভাৱান ৰ'দালি বৰুৱাই ৭৩ কেজি ঊৰ্ধ্বৰ ওজন শাখাত প্রতিদ্বন্দ্বিতা কৰি ব্ৰঞ্জৰ পদক দুটা জয় কৰে।

Share This