ডিজিটেল ডেস্ক: কালি গুৱাহাটী প্ৰেছ ক্লাবত লেখিকা সংস্থা অসমৰ এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত লেখিকা সংস্থা অসমৰ সভাপতি মামণি গগৈ বৰুৱা, সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মৃদুলা শর্মা, সম্পাদক বিজয়া দেৱদাস আৰু প্ৰাক্তন সভাপতি মঞ্জুলা ভট্টাচার্য উপস্থিত থাকে।
সংবাদমেলত সংস্থাই কয় যে অহা ১৪, ১৫ আৰু ১৬ মে'ত গুৱাহাটীৰ শিল্পগ্রামত বিস্তৃত কাৰ্যসূচীৰে লেখিকা সংস্থা অসমৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেই অনুসৰি ১৪ মে' পুৱা ৯ বজাত শিবিৰ মুকলি কৰিব সংস্থাৰ প্ৰাক্তন সভাপতি তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ উপদেষ্টা মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই। ইয়াৰ পাছত পুৱা ১০ বজাত পৃষ্ঠপোষক, শুভচিন্তক সন্মিলন আৰু গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কার্যসূচী উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব সাহিত্য একাডেমি বঁটাপ্রাপক হৰিপ্রিয়া , বাৰুকিয়াল বৰগোহাঞি আৰু সংস্থাৰ প্ৰাক্তন সভাপতি ৰতিপ্রভা গগৈয়ে। বন্তি প্রজ্বলন কৰিব বিশিষ্ট লেখিকা, সমাজসেৱিকা মৃণালিনী দেৱী আৰু শিক্ষা বিভাগৰ অৱসৰী সঞ্চালক ড° অসমী গগৈয়ে।
দিনৰ ১১ বজাত সংস্থাৰ মুখপত্ৰ 'সুচেতনা' উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক ড° দয়ানন্দ পাঠক আৰু পদ্মশ্রী ড° সূর্য হাজৰিকাই। বিয়লি ২-৪৫ বজাত গ্রন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব সাহিত্যিক চৈয়দা নুৰজাহানে। ইয়াৰ পাছতে বিয়লি ৩-৩০ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট গীতিকাৰ, সুৰকাৰ কণ্ঠশিল্পী মনীষা হাজৰিকাই। ১৫ মে' 'লেখিকা সংস্থা অসমৰ প্ৰতিষ্ঠাপক সদস্যা জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামীৰ উপন্যাস: এটি অবলোকন' শীর্ষক আলোচনা-চক্র ৰ অনুষ্ঠিত কৰা হ'ব। আলোচনা-চক্র মুকলি কৰিব বিশিষ্ট শিক্ষাবিদ ড° দীপ্তি ফুকন পাটগিৰিয়ে আৰু মুখ্য বক্তা হিচাপে উপস্থিত থাকিব সাহিত্য অকাডেমি বঁটাপ্রাপক, বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ড° জয়ন্ত মাধৱ বৰা।
দুপৰীয়া ২ বজাত বহুভাষিক কবি সন্মিলনৰ আয়োজন কৰা হৈছে। উদ্বোধক হৈছে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা। সন্ধ্যা ৫ বজাত বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ আয়োজন ৰ কৰা হৈছে। উদ্বোধন কৰিব সত্ৰীয়া নৃত্যৰ গৱেষক ড° মল্লিকা কন্দলিয়ে। একেদৰে অন্তিম দিনা ১৬ মে' পতাকা উত্তোলন, স্মৃতি তর্পণ, সাংস্কৃতিক শোভাযাত্রা, মুকলি সভা, পতাকা সম্বৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সোণালী জয়ন্তী উপলক্ষে ৫১খন পতাকা উত্তোলন কৰিব সংস্থা তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি, মুখ্য উপদেষ্টা তথা বিভিন্ন শাখাৰ সভাপতি সকলে।
মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কুল শইকীয়াই। সভাত শিক্ষাবিদ ড° উপেন ৰাভা হাকাচাম, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মাই যথাক্রমে মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ পাছতে সন্ধিয়া ৬ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠিত কৰাৰ মাজেৰে লেখিকা সংস্থা অসমৰ সোণালী জয়ন্তীৰ সামৰণি পৰিব।