আমেৰিকাৰ দাদাগিৰি নচলিব : জিনপিং 

dainik janambhumi April 12, 2025

ডিজিটেল ডেস্ক : চীনে আমেৰিকালৈ ভয় নকৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’'নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধৰ প্ৰসংগত প্ৰথমবাৰলৈ মন্তব্য দি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এনেদৰে কয়। জিনপিঙে লগতে কয় যে আমেৰিকাৰ একপক্ষীয় দাদাগিৰি নচলিব। উল্লেখযোগ্য যে আমেৰিকাৰ চীনৰ সামগ্ৰীত আৰোপ কৰা ১৪৫% শুল্কৰ প্ৰত্যুত্তৰ দি চীনে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীত ১২ এপ্ৰিলৰ পৰা ১২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। 

চীন ভ্রমণ কৰা স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো ছান্সেজক জিনপিঙে কয় যে তেওঁৰ দেশে কাৰোলৈ ভয় নকৰে। চীনৰ ৰাষ্ট্ৰপতিজনে কয়, 'শুল্ক যুদ্ধত কোনো বিজয়ী নহয় আৰু বিশ্বৰ বিৰুদ্ধে যোৱাৰ ফলত আমি একাষৰীয়া হৈ পৰিম।' চীনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠান জিনহুৱাই এই কথা প্রকাশ কৰি কয় যে স্পেইনৰ প্ৰধানমন্ত্ৰীজনৰ সৈতে হোৱা আলোচনাৰ সময়ত আজি প্ৰথমবাৰৰ বাবে জিনপিঙে শুল্ক যুদ্ধৰ প্ৰসংগত মন্তব্য দিয়ে। আমেৰিকাৰ একপক্ষীয় দাদাগিৰি তথা ডাবি-ধমকিৰ প্ৰত্যাহ্বান জনোৱাত বেইজিঙক সহযোগ কৰিবলৈ জিনপিঙে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিও আহ্বান জনায়। 

তেওঁ কয় যে চীন আৰু ইউৰোপিয়ান ইউনিয়নে নিজৰ আন্তঃৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিব লাগে আৰু উভয়ে যুটীয়াভাৱে ট্রাম্পৰ এই শুল্ক আৰোপৰ বিৰোধিতা কৰিব লাগে। জিনপিঙে কয়, 'শুল্ক যুদ্ধৰ পৰা আমি কেৱল নিজৰ বৈধ অধিকাৰক সুৰক্ষিত কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় ন্যায়কো ৰক্ষা কৰিব লাগিব।' স্পেইনৰ প্ৰধানমন্ত্ৰীজনে চীনৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ পক্ষে মত পোষণ কৰি কয় যে শুল্ক যুদ্ধই দুয়োখন দেশৰ মাজৰ আৰু চীন-ইউৰোপিয়ান ইউনিয়নৰ মাজৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব নালাগে। উল্লেখযোগ্য যে হোৱাইট হাউছে কৰা শেহতীয়া ঘোষণাত চীনৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক ১২৫%ৰ পৰা ১৪৫%লৈ বৃদ্ধি কৰে। প্ৰত্যুত্তৰত চীনেও আমেৰিকাৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক ১২৫%লৈ বৃদ্ধি কৰে।

Share This