ডিজিটেল ডেস্কঃ ৰাজ্যত ভিন্ন জিলাত বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। গুৱাহাটী মহানগৰীতো কালি নিশাৰে পৰা বৰষুণ দিয়েই আছে। ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত স্বাভাৱিক জন-জীৱন স্তব্ধ হৈ পৰিছে। ঠায়ে-ঠায়ে কৃত্ৰিম বানৰো সৃষ্টি হৈছে।
শেহতীয়াকৈ ৰাজ্যৰ ১৩খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ একাধিক জিলাত ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ১৩খনকৈ জিলাত Yellow Alert জাৰি কৰিছে।
Yellow Alert জাৰি কৰা ১৩খন জিলা
দক্ষিণ শালমাৰা,
ধুবুৰী,
কোকৰাঝাৰ,
চিৰাং,
বাক্সা,
গোৱালপাৰা,
নলবাৰী,
কামৰূপ(গ্ৰাম্য),
কামৰূপ(মহানগৰ)
ডিমা হাচাও,
কাছাৰ,
শ্ৰীভূমি,
হাইলাকান্দি
উৎস: প্ৰাগ নিউজ ডিজিটেল