ডিজিটেল ডেস্ক: 'অসমীয়া মানুহে মোক সীমাহীন মৰম দিছে, সন্মান দিছে- যি মই ভবাতকৈও বহু বেছি। অৰুণাচলী হৈও মই অসমীয়া ভাষাৰেই চর্চা কৰোঁ বা লিখোঁ। কাৰণ অসমীয়া ভাষাত নিলিখা হ'লে মোক হয়তো কোনেও চিনিয়েই নাপালেহেঁতেন। মই আজিলৈ যিখিনি স্বীকৃতি লাভকৰিছোঁ, সেয়া একমাত্র অসমীয়া ভাষাটোৰ বাবেহে। সেইবাবেই মই অসমীয়া মানুহৰ ওচৰত চিবদিন কৃতজ্ঞ হৈ থাকিম।'
দেওবাৰে গুৱাহাটীৰ উলুবাৰীৰ এছ বি দেওৰা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত গুৱাহাটীবাসী বজেলীয়া সমাজে আগবঢ়োৱা ভট্টদেৱ বঁটা গ্রহণ কৰি এনেদৰে কয় সাহিত্য অকাদেমি বঁটা প্রাপক, পদ্মশ্রী য়েছে দৰজে ঠংচিয়ে। বৈষ্ণৱ পণ্ডিত, কবিৰত্ন, গদ্য সাহিত্যৰ স্ৰষ্টা তথা বিশাল পাণ্ডিতাৰ গৰাকী ভট্টদেৱৰ নামত প্রথমবাৰৰ বাবে প্রদান কৰা এই বঁটা গ্রহণ কৰি আবেগিক হৈ ঠংচিয়ে পুনৰ কয়, 'মোৰ জন্মস্থান অৰুণাচল হ'লেও সৰুৰে পৰা মই অসমীয়া ভাষাৰেই চর্চা কৰি আহিছোঁ। মোৰ জন্মস্থানত বৈষ্ণৱ সাহিতাৰ কোনো আদৰ নাই, মূল্যও নাই। সেয়ে অসমীয়া ভাষা আৰু সাহিতাক আয়ত্ত কৰিবলৈ মই কিমান কষ্টৰ সন্মুখীন হ'ব লগা হৈছে, সেয়া কেৱল মইহে অনুভৱ কৰিব পাৰোঁ। গুৱাহাটীবাসী কজেলীয়া সমাজে প্রদান কৰা এই মহান বঁটাৰ দ্বাৰা মোক আজীৱন অসমীয়া ভাষা- সাহিত্যৰ চর্চা কৰিবলৈ। পুনৰবাৰ অনুপ্রাণিত কৰিলে।'
শিক্ষাবিদ কামেশ্বৰ দাসৰ প্রতিকৃতিত ডাঃ অৰুণ শৰ্মাই কৰা স্মৃতি তর্পণ আৰু ভট্টদেৱৰ প্রতিকৃতিত ডাঃ বীৰেন্দ্র নাথ পাটগিৰীয়ে কৰা মাল্যার্পণেৰে ভবেন্দ্র নাথ কাকতিৰ সভাপতিত্বত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসমৰ অৱসবপ্রাপ্ত মুখ্য সচিব হিমাংশু শেখৰ দাস, বিশিষ্ট অতিথি হিচাপে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° ধনপতি ডেকা, নর্থ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ড° লীনা গোস্বামী, অৱসৰপ্রাপ্ত ন্যায়াধীশ তথা বর্তমানৰ লোকাযুক্ত হিতেশ শর্মা আক অধ্যাপিকা বিভাৰাণী ডেকা। এই সভাতে সমাজৰ বার্ষিক মুখপত্র 'বজালী জ্যোতি' উন্মোচন কৰে অনুবাদ সাহিত্য অকাদেমি বঁটাপ্রাপক অঞ্জন শর্মাই।
আনহাতে, গণেশগুৰিৰ অগ্রদূত ভৱনত বিয়লি ৪ বজাত অনুষ্ঠিত হয় ডাঃ দীননাথ শর্মা বঁটা প্রদান অনুষ্ঠান। প্রথমবাৰৰ বাবে আগবঢ়োৱা এই বঁটা এইবাৰ প্ৰদান কৰা হয় প্রবীণ সাংবাদিক, সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাক। শাৰীৰিক অসুস্থতাৰ বাবে ডেকাই দিনৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা বাবে গুৱাহাটীবাসী বজেলীয়া সমাজে আবেলি তেওঁৰ বাসগৃহত এই বটা প্রদান কৰে।