ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় পর্যায়ত জিলিকিল অসমৰ সোণালী সূতা। বিদেশৰ মাটিত অসমৰ গৌৰৱ মুগা-মালবাৰী-এৰী চিল্কৰ পৰিচয় দি আই টি বি পি এৱাৰ্ডছ ২০২৬ লাভ কৰে ধেমাজিৰ যুৱ বিজ্ঞানী নৱজিত ভৰালীয়ে। ফ্ৰান্সৰ পেৰিছৰ মেইচন ডে আই অ'চেনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত 'Innovation Team Best Practices ITBP Awards 2026' অনুষ্ঠানত অসমৰ উদ্ভাৱক নৱজিত ভৰালীক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।
Embassy of India in France আৰু Embassy of France in India-এ এই গোটেই আয়োজনক সম্পূর্ণ সহযোগিতা আগবঢ়াইছিল। European Institute for Creative Strategies and Innovation আৰু Paris Club of Chief Innovation Officers-এ যুটীয়াভাৱে আয়োজন কৰা এই বিশ্ব সন্মিলনত ভাৰত আছিল চৰকাৰী অতিথি দেশ। এইবাৰ থীম আছিল 'Innovation for and with Emerging Countries'। অনুষ্ঠানটো Sorbonne School of Management-ৰ সহযোগ অনুষ্ঠিত হয়।
ভাৰতৰ Honey Bee Network আৰু Gujarat Grassroots Innovation Augmentation Network GIAN-ৰ প্ৰচাৰত ৫টা ভাৰতীয় Grassroots উদ্ভাৱন এই বঁটাৰ বাবে নিৰ্বাচিত হৈছিল। বঁটা গ্ৰহণৰ সময়ত নৱজিতে নিজৰ উদ্ভাৱনৰ জৰিয়তে বিশ্বৰ বিজ্ঞানী, উদ্যোগপতি আৰু উদ্ভাৱন নেতাৰ আগত অসমৰ মুগা silk, মালবাৰী silk আৰু এৰী silk ৰ গৌৰৱময় পৰিচয় তুলি ধৰে। দেখুৱালে মুগাৰ সোণালী বৰণ, মালবাৰীৰ কোমলতা আৰু এৰী কেৱল কাপোৰ নহয়, ই অসমৰ সংস্কৃতি, পৰম্পৰা আৰু গ্রাম্য মহিলাৰ আত্মসন্মানৰ প্রতীক। পেৰিছৰ মঞ্চত নৱজিতৰ প্ৰদৰ্শনীয়ে বিদেশীসকলক আচৰিত কৰি তুলিলে।
বহু দেশৰ প্ৰতিনিধিয়ে প্ৰথমবাৰ বাবে অসমৰ ৩ বিধ silkৰ বিষয়ে জানিব পাৰিলে। নৱজিতৰ উদ্ভাৱনী যন্ত্ৰৰ লগতে Paris-ৰ কিতাপত অসম গৌৰৱ পাট, মুগা, এৰীৰ বিষয়ে প্রকাশ। নৱজিতৰ Silk Spinning cum Reeling Machine ৰ লগতে অসমৰ গৌৰৱ আৰু পৰিচয়ৰ স্বৰূপ মুগা, এৰী আৰু মালবাৰী silk ৰ বিষয়ে parisৰ কিতাপত বিদেশীসকলৰ মাজত প্ৰকাশ পাইছে। যন্ত্ৰৰ লগতে কিতাপত থকা তথ্য-চিত্ৰই অসমৰ silk ঐতিহ্যক বিশ্বৰ দৰবাৰত নতুন পৰিচয় দিলে। লগতে নৱজিতৰ ৩টা উদ্ভাৱনে জয় কৰিলে বিশ্বৰ মন। অনুষ্ঠানত নৱজিতে মুঠ ৩টা যন্ত্ৰ প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। ক্রমে, প্রথমে Silk Spinning cum Reeling Machine- মুগা, এৰী, মালবাৰী আৰু টছৰ-চাৰিওবিধ silk এটা কম খৰচৰ যন্ত্ৰতেই কাটিব পাৰি। ইয়াৰ ফলত অসমৰ গাঁৱৰ মহিলাই ঘৰুৱা পর্যায়তেই বিশ্বমুখী তাঁতশিল্প গঢ়ি তুলিব পাৰিব। মুগা-মালবাৰী-এৰী silk-ৰ উৎপাদন বৃদ্ধি আৰু বজাৰমুখীকৰণত এই যন্ত্র এক যুগান্তকাৰী চিহ্নিত হৈছে।
২০২৫ চনৰ পৰা মাত্র ১ বছৰতে এই যন্ত্ৰৰ জৰিয়তে ৫০০ৰো অধিক মানুহে জীৱিকা আৰ্জন কৰি আত্মনিৰ্ভৰশীল হৈছে। দ্বিতীয়তে Atmospheric Water Harvester Device for Rooftop Vegetable Farming (Solar powered)- সৌৰশক্তিৰে বায়ুৰ আর্দ্রতাৰ পৰা পানী উৎপাদন কৰে, বেলকনি, ৰূফটপ, নাৰ্চাৰীৰ যিকোনো টাবত স্বয়ংক্রিয়ভাৱে পানী দিয়ে, বিদ্যুৎ বা পানীৰ পাইপলাইনৰ প্ৰয়োজন নাই। চহৰতো মাটিৰ অভাৱৰ সমস্যা সমাধান কৰে বিলাহী, বেঙেনা, পাতকবিৰ দৰে শাক-পাচলিৰ ঘৰতে খেতি কৰিব পাৰি; চহৰৰ পৰিয়ালৰ সময় আৰু পানী দুয়োটাই ৰাহি হয়। তৃতীয়তে Automatic Feeding Machine for Upper Limb Disabled- হাত-ভৰিৰ সমস্যা থকা লোকে প্রতিটো ভাতৰ বাবে আনৰ সহায় ল'ব লাগে। নিজে খাব নোৱাৰাৰ বাবে মর্যাদা আৰু স্বাধীনতা হেৰুৱায়। Sensor ভিত্তিক এই যন্ত্রই ব্যৱহাৰকাৰীৰ খোৱাৰ ইচ্ছা বুজি পায়, নিজে খুৱাই দিয়ে, ব্যৱহাৰকাৰীয়ে খাব নিবিচাৰিলে বন্ধ হয়। EUROPEAN INSTITUTE FOR CREATIVE STRATEGIES & INNOVATION Paris-Panthéon-Sorbonne University, CLUB DE PARIS DES DIRECTEURS DE L'INNOVATION 75 boulevard Richard Lenoir, F-75011 Paris ৰ তৰফৰ পৰা ২৭ এপ্ৰিলত প্ৰেৰণ কৰা আমন্ত্রণ-পত্ৰ অনুসৰি নৱজিত ভৰালীক নির্বাচিত কৰা হৈছিল।
Honey Bee Network আৰু GIANৰ জৰিয়তে আগবঢ়োৱা এই প্ৰকল্পৰ বাবে পেৰিছ যাত্ৰাৰ সকলো ব্যয় প্রতিষ্ঠানে বহন কৰে। মিছনটো ৩ জুনৰ পৰা ৬ জুন, ২০২৬লৈ আছিল। অনুষ্ঠানত Honey Bee Networkৰ প্ৰতিষ্ঠাতা Professor Anil K. Gupta-এ মূল বক্তৃতা দিয়ে আৰু GIANT CEO Dr Anamika Dey-এও আলোচনাত অংশ লয়। Little Himalayan Co, Enersol Biopower, ColdEasy আৰু Lotus Stem Fibre ৰ লগতে অসমৰ নৱজিত ভৰালীৰ উদ্ভাৱনে বঁটা লাভ কৰে।