আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল,চাই লওক দিনটো কেনেদৰে যাব

Jyoti Borah September 22, 2023

শুকুৰবাৰ, ২২ ছেপ্টেম্বৰ, ৪ আহিন, 
মেষঃ ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব পাৰে৷ ব্যৱসায়-বাণিজ্যত যথেষ্ট প্ৰতিযোগিতাৰ মাজেদি উন্নতি৷ পাৰিবাৰিক জীৱন সুখৰেই৷     শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং ৰঙা৷ 
বৃষঃ কৰ্মত উৎসাহ-উদ্দীপনা৷ অপ্ৰত্যাশিতভাৱে কোনো সু-খবৰ পাব৷ যথেষ্ট পৰিশ্ৰম কৰিব লগা হ’ব পাৰে৷ মাতৃৰ শৰীৰ দুৰ্বল৷ কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বাঢ়িব৷শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং নীলা৷ 
মিথুনঃ শিক্ষক, অধ্যাপক, সামাজিক কামত নেতৃত্ব লোৱা ব্যক্তি আদিৰ বাবে উন্নত দিন৷ উপৰুৱা চিন্তাই বিদ্যাৰ্থীক বিদ্যাৰ্জনত বাধা দিব৷ নতুন বন্ধু লাভ৷শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং মুগা৷ 
কৰ্কটঃ পাৰিবাৰিক জীৱন সুখৰেই৷ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক৷ কোনো শুভ কৰ্মৰ যো-জা হ’ব৷ কোনো কাৰণত মনত এটা ভয় ভয় ভাব হ’ব পাৰে৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ 
সিংহঃ     স্বাস্থ্যৰ প্ৰতি চকু ৰাখক৷ পাৰিবাৰিক জীৱন শুভাশুভ মিশ্ৰিত৷ মন উন্নত৷ আপোনাৰ সৰল মনৰ সুযোগ আনে ল’ব পাৰে৷শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং সোণালী৷ 
কন্যাঃ      শিল্পী-সাহিত্যিকৰ বাবে অনুকূল৷ পিছ বেলাৰ পৰা আৰ্থিকত সু-ফল পাব৷ কৰ্মত সহায়-সহযোগ পাব৷ ধৰ্মীয় কৰ্মৰ প্ৰতি ৰাপ বাঢ়িব৷শুভ কাৰক গ্ৰহ শনি, বুধ৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং নীলা৷
তুলাঃ     কৰ্মত দক্ষতা প্ৰকাশ৷ ৰাজহুৱা  কামৰ মাজেদি জনপ্ৰিয়তা বৃদ্ধি পাব৷ সম্ভৱস্থলত ভ্ৰমণৰ যো- জা৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং হালধীয়া৷ 
বৃশ্চিকঃ পিছবেলাৰ পৰা ব্যৱসায়-বাণিজ্যত প্ৰচুৰ উন্নতি৷ মোমায়েক পক্ষৰ পৰা যথেষ্ট সহায়- সহযোগ পাব৷ কোনো সামাজিক প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰি কৃতজ্ঞ আৰু উপকৃত হ’ব৷শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং ৰঙা৷ 
ধনুঃ শৰীৰ প্ৰায় ভালেই৷ আপোনাৰ ভাগ্যৰ পৰিৱৰ্তনত অৱহেলিত ব্যক্তিজনৰ নীৰৱ অৱদান থাকিব৷ সংগ দোষৰ পৰা সাৱধান হওক৷শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷
মকৰঃ     ধৰ্মীয় কৰ্মত ৰাপ থাকিব৷ প্ৰাপ্যাদিত শুভ৷ বিদ্যাৰ্থীয়ে অলপ চেষ্টা কৰিলেই ভাল ফল দেখুৱাব পাৰিব৷ বন্ধু-বান্ধৱযুক্ত পৰিৱেশ ভাল পাব৷ প্ৰেম-প্ৰীতি লাভ৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭, ৯৷ শুভ ৰং নীলা৷ 
কুম্ভঃ     ইষ্ট-কুটুম, শুভাকাংক্ষীৰ আগমন হ’ব৷ কোনোৱে পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব৷ সম্ভৱস্থলত কোনো দুৰ্নীতি বা কেলেংকাৰিত যাতে সাঙোৰ খাব লগা নহয়, লক্ষ্য ৰাখিব৷শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং ক’লা৷  
মীনঃ     বিদ্যা-বুদ্ধিত মধ্যম৷ চাকৰি প্ৰাৰ্থীয়ে সম্ভৱস্থলত কৰ্মসংস্থাপনৰ সু-খবৰ পাব৷ ভ্ৰমণ হ’ব পাৰে৷ খৰচ-পাতিৰ মাত্ৰা ঊধ্বৰ্গতিত৷ সন্তানক লৈ চিন্তিত৷শুভ কাৰক গ্ৰহ  বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং সোণালী৷ 

Share This