ৰঙালী বিহুৰ মঞ্চত ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গ

Rashmi April 07, 2025

ডিজিটেল ডেস্ক : হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। চাৰিওফালে কেৱল এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি। ইতিমধ্যে আৰম্ভ হৈছে বিহুৰ আখৰা ৷ লগতে প্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান চাবলৈ উৎসুক হৈ আছে বিহুবলীয়া ৰাইজ ৷ তেনে সময়তে ৰঙালী বিহুৰ মঞ্চত এক নতুন ৰূপত দেখিবলৈ পোৱা গ'ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।

ৰঙালীৰ মঞ্চত জুবিনৰ নতুন ৰূপে মুহিলে দৰ্শকক ৷ হাতত লাখুটি লৈ ৰঙালীৰ মঞ্চত নতুন ৰূপত দেখা গ’ল জুবিন গাৰ্গক । কিন্তু কিয় এনে ৰূপত দেখা গ'ল শিল্পীগৰাকীক। শীঘ্ৰেই আহি আছে জুবিন গাৰ্গৰ অন্য এখন নতুন চিনেমা ‘ৰৈ ৰৈ বিনালে’ ৷ ইতিমধ্যে পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম । আৰু এই নতুন ৰূপেৰে ছবি ‘ৰৈ ৰৈ বিনালে’ ৰ প্ৰচাৰ চলাইছে জুবিনে । ৰৈ ৰৈ বিনালে" অসমৰ প্ৰথমখন মিউজিকেল ছবি । 

উল্লেখযোগ্য যে ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিব কণ্ঠশিল্পী আচুর্য বৰপাত্ৰ, নীল আকাশৰ লগতে কেইবাগৰাকী কণ্ঠশিল্পীয়ে । ছবিখন পৰিচালনা কৰিব ৰাজেশ ভূঞাই । চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ । ছবিখনৰ কাহিনী জুবিন গাৰ্গৰ ।প্ৰিয় শিল্পীগৰাকীৰ ছবিখনক লৈ উৎসাহী এতিয়া অসমবাসী।

Share This