আমেৰিকাৰ গৱেষণা পত্রিকাত জুবিন গাৰ্গৰ 'হামিং'

dainik janambhumi June 07, 2026

ডিজিটেল ডেস্ক : দশকৰ পিছত দশক শ্ৰোতাৰ হৃদয় জয় কৰি অহা জুবিন গাৰ্গৰ হামিঙৰ মায়াবী মাদকতাত সকলো বুৰ গৈ আছিল যদিও কোনো শব্দ উচ্চাৰণ নকৰাকৈও এই হামিং কিয় ইমান মাদকতাভৰা আৰু চুম্বকীয়তাৰ কোনো বিজ্ঞানসন্মত অধ্যয়ন এতিয়ালৈকে হোৱা নাছিল। 

প্ৰথমবাৰৰ বাবে বিশ্বৰ কণ্ঠ চিকিৎসা আৰু কণ্ঠ বিজ্ঞান ক্ষেত্ৰৰ শীৰ্ষ স্থানীয় গৱেষণা পত্রিকা আমেৰিকাৰ জার্নেল অব্ দ্য ভইচ ফাউণ্ডেশ্যন এণ্ড দ্য ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অব্ ফ'ন'ছাৰ্জাৰী'ত প্রকাশিত এক গভীৰ গৱেষণামূলক অধ্যয়নে পোনপ্ৰথমবাৰৰ বাবে উন্মোচন কৰিছে বিশ্ববন্দিত হামিং সম্ৰাটৰ কণ্ঠৰ সেই অনন্য ৰহস্য। শ্ৰোতাৰ অন্তৰ স্পৰ্শ কৰা জুবিনৰ এই আধ্যাত্মিক সুৰীয়া প্ৰৱাহ যে এক আৱেগিক অনুভূতিয়েই নহয়, বৰঞ্চ ইয়াৰ আঁৰত যে আছে সুনির্দিষ্ট আৰু চমৎকাৰ শব্দ বিজ্ঞান, লগতে নিখুঁত স্বৰসজ্জা তাৰ ওপৰত এই গৱেষণাই আলোকপাত কৰিছে। 

প্ৰথমবাৰৰ বাবে জুবিনৰ হামিঙৰ ওপৰত হোৱা এই পদ্ধতিগত ধ্বনি বিশ্লেষণে উন্মোচন কৰিছে যে জুবিনৰ কণ্ঠৰ বিভিন্ন সূক্ষ্ম উপাদানসমূহ, যেনে- কম্পন তাৰতম্য, তীব্ৰতাৰ তাৰতম্য, সুৰ কোলাহল অনুপাত আৰু ধ্বনিগুণগত প্ৰাচলৰ কেতবোৰ বিস্ময়কৰ সামঞ্জস্য আৰু প্রয়োগ। গৱেষণাত পোহৰলৈ আহিছে যে জুবিনৰ হামিঙত এক সুনিয়ন্ত্রিত আৰু সুস্থিৰ স্বৰ তৰংগ বিৰাজমান। ইয়াত অপেক্ষাকৃত নিম্ন কম্পনাংকৰ প্রাথমিক স্বৰ ব্যৱহাৰ হোৱাৰ বাবেই ই গভীৰ, শ্রুতিমধুৰ আৰু প্রশান্তিদায়ক হৈ পৰে। 

আনহাতে, তেওঁৰ ক্ষিপ্ৰ কম্পন তাৰতম্যই হামিঙৰ সুৰটোত এক অনন্য প্রাণময়তা, সজীৱতা আৰু আৱেগিক গভীৰতা সংযোজন কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জুবিনৰ হামিঙত ধ্বনি গুণগত প্ৰাচলৰ ক্ষেত্ৰত পৰিসংখ্যাগতভাৱে অতি তাৎপর্যপূর্ণ পার্থক্য পোৱা গৈছে। এই বৈশিষ্ট্যসমূহে জুবিনৰ হামিঙক এক সম্পূর্ণ ব্যতিক্রমী আৰু অনন্য ধ্বনিগুণ প্রদান কৰি শ্ৰোতাক মন্ত্রমুগ্ধ কৰি তোলে বুলি গৱেষণাটোত স্পষ্ট হৈছে।

Share This