ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু সাংস্কৃতিক অৱদানৰ প্ৰতি লক্ষ্য ৰাখি লণ্ডনৰ মেডাম টুছ' সংগ্ৰহালয়ত মমৰ মূৰ্তি স্থাপনৰ দাবী উত্থাপন হৈছে। এই দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি ৰাজস্থান ফাউণ্ডেশ্যন (অসম অধ্যায়)ৰ সভাপতি ৰতন -শৰ্মাই মেডাম টুছ'ৰ লণ্ডনৰ কাৰ্যালয়লৈ আনুষ্ঠানিক প্ৰস্তাৱ প্ৰেৰণ কৰিছে।
এই প্রস্তাৱত জুবিন গাৰ্গৰ সংগীত, সামাজিক কৰ্ম আৰু অসম তথা উত্তৰ-পূব - ভাৰতৰ সমৃদ্ধিশালী সংস্কৃতিৰ বিশ্বব্যাপী প্ৰচাৰৰ ক্ষেত্ৰত অৱদানৰ ওপৰত আলোকপাত কৰা হৈছে। ৰতন শৰ্মাই তেওঁৰ পত্ৰত জুবিনৰ অৱদানৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কয় যে জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, অসমৰ সাংস্কৃতিক আত্মা। তেওঁৰ সংগীত যাত্ৰাই আঞ্চলিক ভাষা, যুৱ প্ৰজন্মৰ সজাগতা - আৰু সামাজিক চিন্তাধাৰাক এক নতুন পৰিচয় দিছে। মেডাম টুছ'ত তেওঁৰ অন্তর্ভুক্তি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয় হ'ব। এই পদক্ষেপৰ অন্যতম উদ্দেশ্য হৈছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্র্য আৰু পৰিচয়ৰ বিশ্বব্যাপী স্বীকৃতি নিশ্চিত কৰা। মেডাম টুছ'ত জুবিন - গাৰ্গৰ প্ৰতিমূর্তি স্থাপনে তেওঁৰ অনুৰাগীক সন্মান জনোৱাই নহয়, সমগ্র অঞ্চলটোৰ বাবে সাংস্কৃতিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। - উল্লেখযোগ্য যে, ৰাজস্থান ফাউণ্ডেশ্যনে জানিবলৈ দিয়া অনুসৰি - তেওঁলোকে অচিৰেই অনলাইন আৰু ছ'চিয়েল মিডিয়া অভিযান আৰম্ভ- কৰি অধিক লোকক এই অভিযানত যোগদান কৰিবলৈ উৎসাহিত কৰাৰ লগতে জনসমর্থনৰ জৰিয়তে এই প্ৰক্ৰিয়াক শক্তিশালী কৰি তুলিব।